নেপালত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অসমৰ ১৩ পদক লাভ…

নেপালত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অসমৰ ১৩ পদক লাভ…

ডিজিটেল ডেস্কঃ নেপালত অনুষ্ঠিত হোৱা সপ্তম মেয়ৰ কাপ-২০২২ প্ৰতিযোগিতাত অসমৰ খেলুৱৈয়ে সুন্দৰ প্ৰৰ্দশন আগবঢ়ায় বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ Mashakio Shito-Ryu Karate Do India কাৰাটে খেলুৱৈসকলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি সৰ্বমুঠ ১৩ টা পদক লাভ কৰিছে। এই ১৩ টা পদকৰ ভিতৰত আছে ৪ টাকৈ সোণ আৰু ৰূপৰ পদকৰ লগতে ৫ টা ব্ৰঞ্জৰ পদক।

যোৱা ২৯ এপ্ৰিলৰ পা ৩০ এপ্ৰিললৈ নেপাল কাৰাটে ফেডাৰেচনৰ অধীনত শিটো-ৰিও কাৰাটে স্কুল নেপালে অনুষ্ঠিত কৰা এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত নেপালৰ উপৰিও ভাৰত, ভূটান, বাংলাদেশ, শ্ৰীলংকা আৰু আফগানিস্তানৰ প্ৰায় ১৪০০ কাৰাটে খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল।

প্ৰতিযোগিতাখনত ভাৰতীয় দলটোক প্ৰতিনিধিত্ব কৰি অসমৰ মাচাকিঅ' শিটো ৰিও ড' ইণ্ডিয়া কাৰাটে স্কুলৰ পৰা মুঠ ১২ জনীয়া এটা দলে অংশগ্ৰহণ কৰিছিল। এই ১২ জনীয়া দলটোৱে মুঠ ১৩ টা পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে।

প্ৰতিযোগিতাখনত ভাৰতক প্ৰতিনিধিত্ব কৰি সোণৰ পদক লাভ কৰে ক্ৰমে অসমৰ ৰাজবিৰ সিংহ, শিল্পী খটনিয়াৰ , অৰ্ণৱ সিংহ আৰু পৱন দাসে। ৰূপৰ পদক লাভ কৰে ক্ৰমে- শ্ৰদ্ধা ভোমিক, আৰুষী দাস, শুভংকৰ ভদ্ৰ আৰু ৰিতিকা দাসে। আনহাতে ব্ৰঞ্জৰ পদক লাভ কৰে- উমানন্দ কাপৰি, ঈশিকা ঘোষ, অসমীতা পাল, শুভজিত ভদ্ৰ আৰু সুশান্ত শৰ্মাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in