অৰুণাচল প্ৰদেশৰ ইংকিয়ঙত ক'লা দিৱস পালন

ইংকিয়ঙ বহুমুখী কমিউনিটি হ'লত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে কলা দিৱস পালন কৰে।  উজনি ছিয়াং জিলা বিজেপিৰ সভাপতি ওজিং পেয়াঙে পতাকা উত্তোলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে।  

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
1

ডিজিটেল সংবাদ, চিলাপথাৰঃ  ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে অৰুণাচল প্ৰদেশৰ ইংকিয়ঙৰ আপাৰ চিয়াঙৰ জিলা প্ৰশাসনে ইংকিয়ঙত পালন কৰিলে ক'লা দিৱস। ইংকিয়ঙ বহুমুখী কমিউনিটি হ'লত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে ক'লা দিৱস পালন কৰে। 

Advertisment

উজনি ছিয়াং জিলা বিজেপিৰ সভাপতি ওজিং পেয়াঙে পতাকা উত্তোলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে।  
টেক্সটাইল এণ্ড হেণ্ডিক্ৰাফ্ট চেণ্টাৰ,লৱাৰ মাৰ্কেট আৰু আপাৰ মাৰ্কেটৰ মাজেৰে পাৰ হৈ বহুমুখী কমিউনিটি হ'ললৈ এক বিশাল সমদল উলিওৱা হয়।

WhatsApp Image 2025-06-26 at 7.14.51 AM

অনুষ্ঠানৰ কেনভাছত স্বাক্ষৰ কৰা,ভাৰতৰ গণতান্ত্ৰিক পৰিকাঠামো আৰু প্ৰদৰ্শনীৰ ওপৰত জৰুৰীকালীন সময়ৰ ঐতিহাসিক প্ৰেক্ষাপট, প্ৰভাৱ আৰু পাঠ সমূহৰ ওপৰত আলোকপাত কৰা তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। জৰুৰীকালীন সময়ত গণতান্ত্ৰিক মূল্যবোধৰ খহনীয়াৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই কাৰ্যসূচীত সাংবিধানিক নীতিসমূহ সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

এই অনুষ্ঠানত বিভাগীয় মুৰব্বী,বিষয়া, ছাত্ৰ-ছাত্ৰী, ৰাজনৈতিক দলৰ সদস্য, মহিলা আত্মসহায়ক গোট আৰু সাধাৰণ জনতাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। জিলা পৰিষদৰ অধ্যক্ষ লুমগেং লিটিনে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অনুষ্ঠানৰ শোভা বৰ্ধন কৰি  “আমি অতীতৰ দ্বাৰা বান্ধ খাই থাকিব নালাগে। আহক আমি আগলৈ চাই বিশেষকৈ শিক্ষা খণ্ডৰ অগ্ৰগতিৰ জৰিয়তে এক উন্নত ভৱিষ্যত গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিওঁ বুলি ভাষন প্ৰসংগত কয়।

WhatsApp Image 2025-06-26 at 7.14.52 AM

অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰে ৰচনা লিখা প্ৰতিযোগিতা। ইয়াৰ পূৰ্বে আদৰণি ভাষণ প্ৰদান কৰি সহকাৰী উন্নয়ন‌ আয়ুক্ত নাটেক নোনাঙে দিনটোৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি স্থানীয় ভাষাৰ প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি বক্তব্য প্ৰদান কৰে। মহকুমাধিপতি টনি মিটকঙে জিলা প্ৰশাসনৰ হৈ কাৰ্যসূচীত উপস্থিত থাকি সফল কৰি তোলাৰ বাবে ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে।

অৰুণাচল