আন্তঃৰাষ্ট্ৰীয়

যোগ দিৱসঃ টাইমছ স্কোৱেৰৰ সন্মুখৰ মনোৰম দৃশ্যই মোহিছে বিশ্বক…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনাৰ সংহাৰৰ মাজতে সমগ্ৰ বিশ্বত উদযাপন হৈছে সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে নিউয়ৰ্ক চহৰতো উদযাপিত হ'ল যোগ দিৱস। চহৰখনৰ আইকনিক টাইমছ স্কোৱেৰত প্ৰায় ৩ হাজাৰ লোকে একেলগে পালন কৰিলে যোগ দিৱস। ৩ হাজাৰ লোকে একেলগে অনুশীলন কৰিলে যোগাসন।

নিউয়ৰ্ক চহৰৰ এই আইকনিক টাইমছ স্কোৱেৰৰ সন্মুখত ৩ হাজাৰ লোকে একেলগে যোগাসন কৰাৰ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে। ভাইৰেল হোৱা দৃশ্যবোৰ দেখিলে আপুনি অনুমান কৰিব সেয়া কিমান মনোৰম।

টাইমছ স্কোৱেৰৰ সন্মুখত অনুষ্ঠিত হোৱা এই আন্তঃৰাষ্ট্ৰীয় যোগাসন দিৱস ভাৰতীয় দূতাবাস আৰু টাইমছ স্কোৱেৰ এলায়েন্সে অনুষ্ঠিত কৰিছে। এই অনুষ্ঠানৰ প্ৰসংগত ভাৰতীয় কনচুলেটৰ জেনেৰেল ৰণধীৰ জয়ছোৱালে কই, "বিশ্বৰ আটাইতকৈ বিখ্যাত ,স্থান টাইমছ স্কোৱেৰত আমাৰ (ভাৰতৰ) যোগ দিৱস উদযাপন কৰিলে। ইয়াৰ পৰাই দেখা যায় যে, যোগ এতিয়া বিশ্ব ব্যাপী হৈ পৰিছে। যোগ ভাৰতত আৰম্ভ হৈছিল কিন্তু এতিয়া ই বিশ্ব ঐতিহ্যকৰ এক অংশ হৈ পৰিছে। যোগ হৈছে প্ৰকৃতিৰ সৈতে সামাঞ্জস্য ৰক্ষা কৰা, আমাৰ স্বাস্থ্যৰ সৈতে জড়িত আৰু জীয়াই থকাৰ উপায়।যোগ জীৱনৰ এক উপায়। এখন শান্তিপূৰ্ণ আৰু সভ্য সমাজৰ বাবে যোগ কৰিব লাগে।

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস প্ৰতিবছৰে টাইমছ স্কোৱেৰৰ সন্মুখত যথেষ্ট উৎসাহেৰে অনুষ্ঠিত কৰি অহা হৈছে। নিউয়ৰ্কত কোভিড-১৯ৰ সংক্ৰমণ হ্ৰাস হোৱাৰ বাবে ধুমধামেৰে অনুষ্ঠিত হৈছে যোগ দিৱস।