M-Yoga এপে ‘এক পৃথিৱী,এক স্বাস্থ্য’মূলমন্ত্ৰত সহায় কৰিব ভাৰতকঃ প্ৰধানমন্ত্ৰী

M-Yoga এপে ‘এক পৃথিৱী,এক স্বাস্থ্য’মূলমন্ত্ৰত সহায় কৰিব ভাৰতকঃ প্ৰধানমন্ত্ৰী

M-Yoga এপে 'এক পৃথিৱী,এক স্বাস্থ্য'মূলমন্ত্ৰত সহায় কৰিব ভাৰতকঃ প্ৰধানমন্ত্ৰী

ডিজিটেল ডেস্কঃ সোমবাৰে সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে সপ্তম আন্তৰ্জাতিক যোগ দিৱস। ২০১৪ চনৰ পৰা বিশ্বজুৰি অনুষ্ঠিত হৈ অহা যোগ দিৱস এইবাৰো কোৰোনা মহামাৰীৰ সংক্ৰমণৰ মাজতেই বিশ্বজুৰি পালন কৰা হৈছে। যোগ দিৱসৰ পুৱাই ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোগ অনুশীলন কৰাৰ উপৰিও সমগ্ৰ দেশবাসীক সম্বোন্ধন কৰে।

দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কই, কোৰোনা মহামাৰীৰ বিৰুদ্ধে যেতিয়া বিশ্বৰ কোনো দেশেই প্ৰস্তুত নাছিল তেতিয়াই আমাৰ দেশত (ভাৰতত) যোগে মানুহৰ মনত শক্তি প্ৰদান কৰিছিল।যোগে কেৱল শাৰীৰিক সুস্থতাই যে বৃদ্ধি কৰে তেনে নহয়, ই মানসিক স্বাস্থ্যৰো যত্ন লয়।

ইয়াৰো পৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কোৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰসংগত কই, যেতিয় কোৰোনাৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই যুঁজ দিছে, তেতিয়াই যোগ অনুশীলন সকলোৰে বাবে এক আশাৰ বন্তি হৈ উঠিছে। যোগে আত্ম সংযম ৰক্ষা কৰাত সহায় কৰে। ই মানুহৰ মনত বিশ্বাস জগাই তোলে যে তেওঁলোকে ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ষম। ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম শ্ৰেণীৰ যুঁদ্ধাসকলে আমাক কৈছিল যে তেওঁলোকে যোগ অনুশীলনক ভাইৰাছৰ বিৰুদ্ধে যুঁজৰ অস্ত্ৰ কৰি তুলিছে।

ইফালে চিকিৎসালয়ত ৰোগীক যোগ অনুশীলন কৰিবলৈ দিয়া দৃশ্য পোহৰলৈ অহাৰ প্ৰসংগত প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে, চিকিৎসকে এতিয়া ৰোগীক সুস্থ কৰি তুলিবলৈ যোগ অনুশীলনৰ বাবে পৰামৰ্শ দিছে। চিকিৎসালয়ত চিকিৎসকসকলে ৰোগীক অনুলোম-বিলোম শিকোৱাৰ দৃশ্যও দেখা গৈছে। বিশেষজ্ঞসকলে কৈছে এনেধৰণৰ অনুশীলনে শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াক সক্ৰিয় কৰি তোলে।

ইফালে বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগত ভাৰতে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বুলি দেশবাসীক জনাই প্ৰধান মন্ত্ৰীগৰাকীয়ে। তেওঁ জনাইছে যে, 'এম-যোগ' নামৰ এটা এপ তৈয়াৰ কৰা হৈছে য'ত সমগ্ৰ বিশ্বৰ লোকসকলৰ বাবে বিভিন্ন ভাষাত যোগ প্ৰশিক্ষণৰ ভিডিঅ' থাকিব। ইয়াৰ জড়িয়তে ভাৰতৰ 'এক পৃথিৱী,এক স্বাস্থ্য' মূলমন্ত্ৰত সহায় কৰিব বুলি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, এইবাৰ যোগ দিৱসৰ মূল থিম হৈছে সুস্থতাৰ বাবে যোগ। প্ৰধানমন্ত্ৰীৰ মতে সুস্থতাৰ বাবে যোগ বিষয়টোৱে মানুহক যোগাসন কৰিবলৈ অধিক উৎসাহ প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক সম্বোধন কৰাৰ সসময়তে সমগ্ৰ বিশ্বৰ প্ৰতিখন দেশ, প্ৰতিটো অঞ্চল আৰু ইয়াৰ লোকসকল সুস্থ স্বাস্থ্যৰ গাৰকী হৈ পৰাটো আশা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in