আন্তঃৰাষ্ট্ৰীয়

বিতৰ্কই লগ এৰা নাই কাটাৰ বিশ্বকাপক, এইবাৰ প্ৰাপ্য বকেয়া বিচাৰি বিপদত ষ্টেডিয়াম নিৰ্মাণ কৰা শ্ৰমিক...

Asomiya Pratidin

ডিজিটেল ডেস্ক : মোগল সম্ৰাট শ্বাহ জাহানে তাজমহল সম্পূৰ্ণ হৈ উঠাৰ পাছত শ্ৰমিকসকলৰ হাত কাটি পেলোৱাৰ কাহিনী হয়তো ভাৰতৰ প্ৰতিগৰাকীয়ে ব্যক্তিয়েই জানে । যদিওবা এই কাহিনী কোনো পধ্যেই যুক্তিসংগত নহয় অথবা ইয়াৰ কোনো প্ৰমাণো নাই তথাপিও প্ৰচলন হৈ আহিছে এই কাহিনীৰ । কিন্তু সেই কথা কাহিনী হ'লেও তেনে ঘটনা সচাকৈয়ে সংঘটিত হ'ল কাটাৰত ।

২০২২ চনৰ কথা । কাটাৰ বিশ্বকাপত আৰ্জেন্টিনাই দখল কৰিছিল বিশ্বকাপৰ খিতাপ । তাৰ ওপৰিও কাটাৰে প্ৰায় ১৭ বিলিয়ন আমেৰিকান ডলাৰ লাভ কৰিছিল বিশ্বকাপৰ পৰা । কিন্তু আৰম্ভণিৰে পৰাই বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল কাটাৰ । ষ্টেডিয়াম নিৰ্মাণ কৰি থকা শ্ৰমিকসকলৰ পাছপ'ৰ্ট জব্দ কৰি থোৱাৰ ওপৰিও নিৰ্মাণকালত বিভিন্ন দুৰ্ঘটনাত মৃত্যু হৈছিল বহু শ্ৰমিকৰ ।

সেই সকলোৰে পাছত বিশ্বকাপৰ প্ৰায় ছমাহ পাছত পুনৰ এবাৰ বিতৰ্কৰ আৱৰ্তত কাটাৰ । বিশ্বকাপৰ সময়ৰ ষ্টেডিয়াম নিৰ্মাণৰ প্ৰাপ্য ধন এতিয়ালৈকে আদায় কৰা নাই শ্ৰমিকসকলক কাটাৰ প্ৰশাসনে ।

ছমাহ উকলি যোৱাৰ পাছতো প্ৰাপ্য ধন লাভ নকৰাত শ্ৰমিকসকলে কৰা প্ৰতিবাদৰ বাবে কাটাৰ প্ৰশাসনে শ্ৰমিকসকলক গ্ৰেপ্তাৰ কৰাৰ ওপৰিও ফাইন পৰ্যন্ত দিবলগীয়া হৈছে শ্ৰমিকসকলে । কেৱল এয়াই নহয় বৰং বলপূৰ্বকভাৱে নিজা নিজা দেশলৈ উভতাই পঠিওৱা হৈছে শ্ৰমিকসকলক ।

উল্লেখ্য যে, এই প্ৰতিবাদৰ অংশ আছিল দুগৰাকী পাকিস্তানী আৰু এগৰাকী ভাৰতীয় শ্ৰমিক । তিনিওজন শ্ৰমিকক ছমাহৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ ওপৰিও ১০ হেজাৰ ৰিয়ালকৈ জৰিমণা বিহা হৈছে ।

এয়াই হৈছে বহু প্ৰশংসিত কাটাৰ বিশ্বকাপৰ ক'লা অধ্যায় । মানৱ অধিকাৰ উলংঘা কৰি দিনে নিশাই শ্ৰমিকসকলৰ হতুৱাই ষ্টেডিয়াম নিৰ্মাণ কৰাই শেষত বলপূৰ্বকভাৱে কাৰাগাৰলৈ প্ৰেৰণ । অন্য এক শ্বাহজাহানৰ কাহিনী এইয়া...