আন্তঃৰাষ্ট্ৰীয়

অচিনাক্ত লোকৰ আক্ৰমণত মহিলা পৰ্যটকৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল ডেস্ক : বিশ্বৰ যিকোনো এখন ঠাইৰ সৌন্দৰ্য উপভোগ অথবা তাত থকা কৃতিচিহ্নসমূহৰ তথ্য আদি সংগ্ৰহৰ বাবে আহে পৰ্যটক। পৰ্যটকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাটো নিৰ্দিষ্ট ঠাইখনৰ বিভাগীয় কৰ্তৃপক্ষৰ দায়িত্ব।

কিন্তু কোনোবাখিনিত এগৰাকী পৰ্যটকক সেৱা আৰু সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হ'ল দক্ষিণ জাৰ্মানীৰ নিউচৱানষ্টাইন প্ৰশাসন তথা পৰ্যটন বিভাগৰ দায়িত্বত থকা বিভাগীয় কৰ্তৃপক্ষ। দায়িত্বহীনতাৰ বাবেই এগৰাকী মহিলা পৰ্যটকে অকাল মৃত্যুক আকোৱালি ল'বলগীয়া হ'ল।

এই ঘটনা বৃহস্পতিবাৰৰ। নিউচৱানষ্টাইন চহৰলৈ আহিছিল এটি পৰ্যটকৰ দল। সকলো ঠিকেই গৈ আছিল। চহৰখনৰ কেতবোৰ স্থানৰ সৌন্দৰ্য উপভোগ কৰি থকাৰ মাজতে এটি প্ৰখ্যাত দুৰ্গৰ সৌন্দৰ্য উপভোগ কৰাৰ দিশে অগ্ৰসৰ হয় পৰ্যটকৰ দলটো।

তেনে সময়তে দুৰ্গটোৰ ওচৰৰ পৰা এজন অচিনাক্ত লোকে পৰ্যটকৰ দলটোৰ ওপৰত আক্ৰমণ চলায়। জানিব পৰা মতে, সেই পৰ্যটকৰ দলটিৰ এগৰাকী ২১বছৰীয়া যুৱতীক অচিনাক্ত লোকজনে যৌন নিৰ্যাতন চলোৱাৰো অভিযোগ উঠিছে।

এনে অনাকাঙ্খিত ঘটনা প্ৰত্যক্ষ কৰি লগে লগে পৰ্যটকৰ দলটিৰ আন সদস্যই আৰক্ষীক খবৰ দিয়ে। আৰক্ষীক খবৰ দিয়াত কিছুসময় পাছতেই আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হয়।

ইয়াৰপাছতে আৰক্ষী তথা পৰ্যটন কৰ্তৃপক্ষৰ সহযোগত আঘাতপ্ৰাপ্ত লোকসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। যৌন নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ উঠা ২১ বছৰীয়া যুৱতীগৰাকী চিকিৎসালয়তে মৃত্যু হয়।

আনহাতে আন এগৰাকী মহিলা পৰ্যটক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীৰ অভিযানত অপৰাধীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। সম্প্ৰতি অপৰাধীজন আৰক্ষীৰ জিম্মাত আছে।