আন্তঃৰাষ্ট্ৰীয়

নেতৃত্ব হেৰুৱাব নেকি ইল'ন মাস্কে ?

Asomiya Pratidin

ডিজিটেল ডেস্ক : বিশ্বৰ অন্যতম পূঁজিপতি তথা শেহতীয়াকৈ প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰখনত ব্যক্তিগত প্ৰতিষ্ঠান টেছলা আৰু স্পেছ এক্সৰ জৰিয়তে নিতৌ নতুন অৱদান আগবঢ়াই অহা উদ্যোগপতি ইল'ন মাস্কে ৪৪ বিলিয়ন টকাৰে চলিত বৰ্ষৰ এপ্ৰিল মাহত ক্ৰয় কৰিছিল টুইটাৰৰ মালিকীস্বত্ব ।

ইয়াৰ পাছতেই টোগলকী সিদ্ধান্তৰে বাতৰিৰ শীৰ্ষত অৱস্থান গ্ৰহণ কৰি আছিল মাস্কে । বিভিন্ন সময়ত টুইটাৰৰ সংশোধন ঘটাই হেৰুৱাবলৈ বাধ্য হৈছিল প্ৰতিষ্ঠানটিৰ মূল্যৱান কৰ্মচাৰী সকলক । প্ৰতিবাদ হৈছিল এই সিদ্ধান্তৰ বিৰুদ্ধে ।

এনে এক প্ৰচাৰৰ বাবেই পুনৰ এবাৰ চৰ্চালৈ আহিছে ইল'ন মাস্ক । মাস্কে চলিত মাহৰ ১৯ তাৰিখে সামাজিক মাধ্যম টুইটাৰৰ জৰিয়তেই প্ৰতিষ্ঠানটিৰ নেতৃত্ব এৰিব নেকি বুলি প্ৰশন কৰিছিল জনতালৈ উদ্দেশ্যি । এই প্ৰশ্নৰ উত্তৰত ৫৭.৫ শতাংশ লোকে এই সিদ্ধান্তৰ সমৰ্থন কৰাত এতিয়া বিমোৰত পৰিছে পূঁজিপতি গৰাকী । কিয়নো এই ভোটদানৰ ফলাফল অনুৰিয়েই পৰৱৰ্তী সময়ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জনাইছিল মাস্কে । এতিয়া অপেক্ষাৰত বিশ্ব ইল'ন মাস্কৰ পৰৱৰ্তী সিদ্ধান্তৰ বাবে ।