পুটিনে আগবঢ়াইছে বাম্পাৰ অফাৰঃ সেনা বাহিনীত ভৰ্তি হ'লেই লাভ কৰিব ৰাছিয়াৰ নাগৰিকত্ব...
পুটিনে আগবঢ়াইছে বাম্পাৰ অফাৰঃ সেনা বাহিনীত ভৰ্তি হ'লেই লাভ কৰিব ৰাছিয়াৰ নাগৰিকত্ব... 
আন্তঃৰাষ্ট্ৰীয়

পুটিনে আগবঢ়াইছে বাম্পাৰ অফাৰঃ সেনা বাহিনীত ভৰ্তি হ'লেই লাভ কৰিব ৰাছিয়াৰ নাগৰিকত্ব...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আগবঢ়াইছে এক বাম্পাৰ অফাৰ। দেশখনৰ সেনাত ভৰ্তি হওক আৰু লাভ কৰক দেশখনৰ নাগৰিকত্ব।

সুদীৰ্ঘ প্ৰায় ৪৫০ দিন ধৰি অব্যাহত থকা ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ শেষ হোৱাৰ পৰিৱৰ্তে নিতৌ যুদ্ধৰ দামামা বৃদ্ধিহে পাইছে। ৰাছিয়াৰ সন্মুখত হাৰ মানিবলৈ বিচৰা নাই ইউক্ৰেইনে।

আনহাতে ৰাছিয়াইয়ো উউক্ৰেইনক পৰাস্ত কৰি যুদ্ধ শেষ কৰিবলৈ সক্ষম হোৱা নাই। তাৰ মাজতে বিপদত পৰিছে ৰাছিয়া। শেহতীয়াকৈ ইউক্ৰেইন সেনাই শক্তিশালী ৰূপত প্ৰাত্যাক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে।

ইউক্ৰেইনৰ সেনাতকৈ অধিক পৰিমাণে ৰাছিয়ান সেনাই এই যুদ্ধত প্ৰাণ ত্যাগ কৰিবলগীয়া হৈছে। এনে পৰিস্থিতিত দেশৰ সামৰিক শক্তি বৃদ্ধিৰ বাবে পুটিনে এই নতুন নীতি গ্ৰহণ কৰিছে।

এই নতুন নীতি অনুসৰি যদি কোনো বিদেশী লোকে ৰাছিয়ান সেনাত যোগদান কৰে তেন্তে পলম নকৰাকৈ তেওঁক ৰাছিয়াৰ নাগৰিত্ব প্ৰদান কৰা হ'ব। এই নতুন নিয়মৰ আধাৰত যদি কোনোৱে ৰাছিয়াৰ নাগৰিকত্ব ল'ব বিচাৰে তেন্তে তেওঁ ৰাছিয়ান সেনাত অতি কমেও এবছৰৰ বাবে যোগদান কৰিব লাগিব।

এই চৰ্ত পূৰণ কৰিব পাৰিলেই তেওঁ লাভ কৰিব ৰাছিয়াৰ নাগৰিকত্ব। কেৱল যে সেনা বাহিনীত যোগ দিয়া লোকজনকহে ৰাছিয়াৰ নাগিৰকত্ব প্ৰদান কৰা হ'ব তেনে নহয়। সেই ব্যক্তিজনৰ পৰিয়ালৰ আন আন সদস্যসকলেও তেওঁৰ জৰিয়তেই ৰাছিয়াৰ নাগৰিকত্ব লাভ কৰিব।

উল্লেখ্য যে, ইউক্ৰেইনৰ বিৰুদ্ধে চলাই থকা যুদ্ধত সফলতা লাভ কৰাত ব্যৰ্থ হোৱা পুটিনে নিতৌ নতুন নতুন নিয়মৰ আৰম্ভণি কৰিছে। ৰাছিয়াত বিগত বৰ্ষত সেনাৰ শক্তি বৃদ্ধি কৰিবলৈ বয়সৰ ক্ষেত্ৰত যি উচ্চতম সীমা আছিল সেয়া বৃদ্ধি কৰা হৈছিল।

কেৱল সেয়াই নহয় নতুন নিয়ম অনুসৰি ৰাছিয়ান সেনাবাহিনীত সৰ্বাধিকসংখ্যক নিযুক্তিৰ সংখ্যাও বৃদ্ধি কৰা হৈছে। বিশেষজ্ঞৰসকলৰ মতে ইউক্ৰেইনৰ বিৰুদ্ধে চলাই থকা যুদ্ধখনত এই পৰ্যন্ত অতি কমেও ২ লাখ ৰাছিয়ান সেনাই প্ৰাণ ত্যাগ কৰিছে।

এনে পৰিস্থিতিত যুদ্ধ অব্যাহত ৰাখিবলৈ ৰাছিয়ান সেনা বাহিনীত প্ৰয়োজন হৈছে অধিক সেনাৰ। সেয়ে তেওঁ এতিয়া এই নতুন নিয়ম কাৰ্যকৰী কৰাত উঠিপৰি লাগিছে। অৱশ্যে এই নিয়ম ইউক্ৰেইনৰ নাগৰিকসকলৰ বাবেহে প্ৰযোজ্য হ'ব।