আন্তঃৰাষ্ট্ৰীয়

ৰবটে বন্ধ কৰিব পানীৰ অপচয় !

Asomiya Pratidin

ডিজিটেল ডেস্ক : সময়ৰ সোতত আগুৱাই গৈ আছে তথ্য আৰু প্ৰযুক্তি বিদ্যা । প্ৰতিদিনেই ন ন উদ্ভাৱনেৰে সমাধান কৰা হৈছে সমস্যা সমূহৰ । এনে এক গভীৰ সমস্যা হৈছিল পানীৰ অপব্যয় । কিয়নো পৃথিৱীত থকা পানীৰ কেৱল ৩ শতাংশ পানীহে খোৱাৰ যোগ্য । তেনেস্থলত দৈনিক বৃদ্ধি হৈ অহা জনসংখ্যাৰ বাবে এই পানী অচিৰেই তাকৰ হোৱাটো স্বাভাৱিক । ইতিমধ্যেই আফ্ৰিকা মহাদেশৰ বিভিন্ন অঞ্চলত পানীৰ অভাৱত মৃত্যু হৈছে সহস্ৰাধিক লোকৰ । অনুৰূপ সমস্যা ভাৰততো । খোৱা পানীৰ সমস্যাই জুৰুলা কৰিছে দেশখনক ।

তেনে সময়তেই এদল গৱেষকে উলিয়ালে এক উপায় । বিকল পানীৰ পাইপ সমূহ য'ত থকা ফুটাৰ ফলত অপচয় হৈ আহিছে সহস্ৰাধিক লিটাৰ পানী । সেই পাইপ সমূহ এতিয়া পৰীক্ষা কৰিব ক্ষুদ্ৰ ৰবটে । পাইপ সমূহৰ মাজেৰে এই গাড়ী সদৃস ৰবট সমূহৰ চলাচল কৰি ধৰা পেলোৱা হ'ব ফুটা । অৱশ্যে এই সিদ্ধান্ত ভাৰতৰ নহয় । সংযুক্ত যুক্তৰাষ্ট্ৰৰ হে ।

সংযুক্ত যুক্তৰাষ্ট্ৰতো এই সমস্যা গভীৰ । বছৰি বিকল পাইপ সমূহৰ নামত ব্যয় হৈ আহিছে কেইবা বিলিয়ন টকা । তেনেস্থলত এতিয়া ৰবটৰ সহায়েৰে এই সমস্যাৰ সমাধান কৰিব পৰা যাব বুলি আশা কৰিছে সংযুক্ত যুক্তৰাষ্ট্ৰৰ জল ব'ৰ্ডে । ইতিমধ্যেই এই পদক্ষেপ আংশিকভাৱে গ্ৰহন কৰিছে চৰকাৰে আৰু এতিয়ালৈ প্ৰায় ৬ শতাংশ ফুটা বন্ধ কৰিবলৈ সক্ষম হৈছে ৰবটৰ সহায়ত ।