আন্তঃৰাষ্ট্ৰীয়

আচৰিত! ভূমিকম্পৰ ১২৮ ঘন্টা পাছত ধ্বংসস্তূপৰ মাজৰ পৰা জীৱন্তে ২ মহীয়া শিশু উদ্ধাৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক: ভয়ংকৰ ভূমিকম্পৰ ফলতেই তুৰস্কত ধ্বংসলীলাৰ সৃষ্টি হৈছিল। প্ৰায় ২৮,০০০ লোকে এই ভূমিকম্পৰ ফলত মৃত্যুৰ সাৱতি লোৱাৰ লগতে ৬০০০তকৈ অধিক অট্টালিকা খহি পৰিছিল। কিন্তু ইয়াৰ মাজতো কিছুমান অলৌকিক ঘটনা পোহৰলৈ আহিছ।

শনিবাৰে তুৰস্কৰ ধ্বংসস্তূপৰ তলৰ পৰা এটা দুমাহীয়া কেঁচুৱা উদ্ধাৰ হয়। ভূমিকম্পৰ প্ৰায় ১২৮ ঘণ্টা পিছত শিশুটো জীৱিত অৱস্থাত উদ্ধাৰ হোৱাত সকলোৱে প্ৰায় আচৰিত হৈ পৰিছে।

হাজাৰ হাজাৰ উদ্ধাৰকাৰী কৰ্মীয়ে এতিয়াও প্ৰৱল শীতৰ মাজত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। এফালে ধ্বংসস্তূপৰ মাজত এতিয়াও আৱদ্ধ হৈ আছে শ শ লোক আনফালে হাড়কপোৱা শীতে জনজীৱন ব্যাহত কৰিছে।

তুৰস্কৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভূমিকম্পৰ ৫ দিন পিছত উদ্ধাৰ হোৱা সকলৰ ভিতৰত এগৰাকী দুবছৰীয়া ছোৱালী, এগৰাকী ছয় মাহৰ গৰ্ভৱতী মহিলা আৰু এগৰাকী ৭০ বছৰীয়া মহিলাও আছে।

ইয়াৰোপৰি আৰু বহু লোক জীৱন্তে উদ্ধাৰ হৈছে আৰু হাজাৰ হাজাৰ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

আৰু পঢ়ক: অধিৱেশনৰ পৰা আহি থাকোতেই অসুস্থ হৈ মৃত্যু প্ৰাক্তন ছাত্ৰ নেতা খগেন গগৈৰ