আফগান মহিলা কৰ্মচাৰীসক নিষেধাজ্ঞা
আফগান মহিলা কৰ্মচাৰীসক নিষেধাজ্ঞা 
আন্তঃৰাষ্ট্ৰীয়

উদ্বিগ্ন ৰাষ্ট্ৰসংঘঃ মৌলিক স্বাধীনতা হেৰুইছে আফগান মহিলা, শিশুৱে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ তালিবান বুলিলেই কঁপি উঠে সমগ্ৰ বিশ্ব ৷ এই তালিবানে ২০২১ চনৰ পৰা আফগানত আধিপত্ত্য বিস্তাৰ কৰি আহিছে ৷

শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত উন্মোচিত হৈছে এক উদ্বেগজনক তথ্য ৷ প্ৰতিবেদন অনুসৰি তালিবানে আফাগান মহিলা কৰ্মচাৰীসকলক কাম কৰাৰ ক্ষেত্ৰত জাৰি কৰিছে নিষেধাজ্ঞা ৷ বিভিন্ন সময়ত প্ৰগতিকামী সমাজে মানি নচলা বহু কঠোৰ নীতি নিয়ম দেশখনত জাপি দি আহিছে সন্ত্ৰাসবাদী সংগঠনটোৱে ৷

শেহতীয়াকৈ দেশখনত মহিলা আৰু শিশুৰ ক্ষেত্ৰত বিভিন্ন নিষেধাজ্ঞা জাৰি কৰিছে ৷ বিগত বৰ্ষৰ নৱেম্বৰ মাহত সংগঠনটোৱে মহিলাই পাৰ্ক, জিম আৰু চুইমিং পুললৈ যোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল ৷ লগতে মহিলা আৰু শিশুসকলক বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় সকলোতে শিক্ষাগ্ৰহণত বাধা প্ৰদান কৰিছিল ৷

ইয়াৰ উপৰি মহিলাই বুৰ্খা পৰিধান কৰাৰ লগতে পোছাক পৰিধান কৰোতে মাত্ৰ চকুজুৰিহে প্ৰকাশ হৈ থাকিব লাগিব বুলিও কঠোৰ সকয়নি প্ৰদান কৰিছিল ৷ তদুপৰি যদিহে কোনো আফগান মহিলাই ৭২ কিলোমিটাৰত কৈ অধিক দূৰত্বৰ বাট ভ্ৰমণ কৰে তেনেহ’লে কোনো পুৰুষ আত্মীয় লগত যোৱাতো বাধ্যতামূলক কৰিছিল ৷ যাৰ ফলত মহিলাই দেশখনত হেৰুৱাই পেলাইছে মৌলিক স্বাধীনতা৷

ইয়াৰ উপৰি ফেব্ৰুৱাৰী মাহত এগৰাকী অধ্যাপকক তালিবান চৰকাৰৰ মহিলাৰ শিক্ষাৰ ওপৰত নিষেধাজ্ঞাক লৈ স্পষ্ট সমালোচনা কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল তালিবানে ৷