আন্তঃৰাষ্ট্ৰীয়

ৰাছিয়া-ইউক্ৰেইনৰ সংঘৰ্ষত হায়দৰাবাদৰ যুৱকৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এতিয়াও অব্যাহত আছে ৰাছিয়া ইউক্ৰেইনৰ সংঘৰ্ষ। দুয়োখন দেশৰ মাজৰ সংঘৰ্ষত নিহত হৈছে হাজাৰ হাজাৰ লোক। দেশৰ সেনাবাহিনী ছহিদ হোৱাৰ উপৰিও মৃত্যু হৈছে অজস্ৰ জনসাধাৰণৰ । লগতে এই সংঘৰ্ষত ছহিদ হৈছে বিশ্বৰ বিভিন্ন দেশৰ নাগৰিকো।

শেহতীয়া তথ্য অনুসৰি ৰাছিয়া ইউক্ৰেইনৰ সংঘৰ্ষত মৃত্যু হয় হায়দৰাবাদৰ নামপল্লী অঞ্চলৰ মহম্মদ আফছান নামৰ এজন যৱকৰ। ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধত ৰাছিয়াৰ হৈ যুঁজ দি প্ৰাণ হেৰুৱাই যুৱকজনে।

উল্লেখযোগ্য যে কেইমাহ মানৰ পূৰ্বে মুম্বাইৰ চাকৰি দিয়া ভুৱা এজেন্টৰ সহায়ত চাকৰিৰ আশাত ডুবাইলৈ গৈছিল আফছান। তাৰ পাছত তেওঁক মস্কোলৈ লৈ যায়। তাৰ পিছতে কিছু নথিপত্ৰত চহী কৰায় চালনাৰে আফছানক ৰাছিয়াৰ সেনাত নিযুক্তি দিয়াই। উল্লেখযোগ্য যে উচ্চ বেতনৰ চাকৰি দিয়াৰ উজুহাতত প্ৰায় ২০ জন ভাৰতীয় যুৱকক ৰাছিয়ালৈ নিয়া হৈছিল । লগতে তেওঁলোকক যুদ্ধত অংশগ্ৰহণ কৰিবলৈ বাধ্য কৰায়।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি চৰকাৰে প্ৰায় ২০ গৰাকী ভাৰতীয়ক স্বদেশলৈ ঘূৰাই অনাৰ প্ৰয়াস কৰি আছে । যিসকলে সহায়ক কৰ্মচাৰী হিচাপে কাম কৰি আছে তাৰ ভিতৰত ৩ গৰাকী হায়দৰাবাদৰ যুৱক বুলি জানিব পৰা গৈছে। আফছানৰ লগতে আন যুৱক সকলক বিপথে পৰিচালিত কৰি ৰাছিয়াৰ সেনাত নিযুক্তি দিয়া এজেণ্টসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈও ভুক্তভোগীৰ পৰিয়ালে চৰকাৰক দাবী জনায় ।