আন্তঃৰাষ্ট্ৰীয়

কানাডাত বিমান দুৰ্ঘটনাঃ প্ৰশিক্ষণৰত দুজন ভাৰতীয় পাইলট নিহত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰত- কানাডাৰ মাজত চলি থকা সংঘৰ্ষৰ মাজতে আন এক দুৰ্ভাগ্যজনক খবৰ পোহৰলৈ আহিছে। কানাডাত সংঘটিত বিমান দুৰ্ঘটনাত ৩ জন লোকৰ মৃত্য়ু হয়। ইয়াৰে দুজন প্ৰশিক্ষাৰ্থী পাইলট আছিল।

মৃত্যু হোৱা পাইলট দুজন অভয় গাদ্ৰু আৰু যশ বিজয় ৰামুগাদে বুলি চিনাক্ত কৰা হৈছে। দুয়ো মুম্বাইৰ বাসিন্দা আছিল। শনিবাৰে মুম্বাইস্থিত যুৱকদুজনৰ পৰিয়ালে এই খবৰ লাভ কৰে। পৰিয়ালক জনোৱা অনুসৰি শুকুৰবাৰে এই বিমান দুৰ্ঘটনা সংঘটিত হৈছে।

দুয়োজন ট্ৰেইনি পাইলট এখন সৰু ডাবল ইঞ্জিনৰ পাতল বিমান পাইপাৰ পিএ-৩৪ চেনেকাত আছিল। ব্ৰিটিছ কলম্বিয়াৰ ভেঙ্কুভাৰৰ ওচৰৰ চিলিভাকৰ স্থানীয় বিমান বন্দৰত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। বৰ্তমান তেওঁলোকৰ মৃতদেহ ঘূৰাই অনাৰ ব্যৱস্থা কৰি থকা হৈছে।