মানৱতাৰ বধ্যভূমি পাকিস্তান ! বিধ্বস্ত অৰ্থনীতিয়ে ধ্বংস কৰা দেশখনত আত্মঘাতি আক্ৰমণ...
মানৱতাৰ বধ্যভূমি পাকিস্তান ! বিধ্বস্ত অৰ্থনীতিয়ে ধ্বংস কৰা দেশখনত আত্মঘাতি আক্ৰমণ... 
আন্তঃৰাষ্ট্ৰীয়

মানৱতাৰ বধ্যভূমি পাকিস্তান ! বিধ্বস্ত অৰ্থনীতিয়ে ধ্বংস কৰা দেশখনত আত্মঘাতি আক্ৰমণ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এফালে আৰ্থিক বিপৰ্যয় তাৰ মাজতে সন্ত্ৰাসবাদীৰ আক্ৰমণ। অৰ্থনৈতিক আৰু সামাজিক ভাৱে বিধ্বস্ত চুবুৰীয়া পাকিস্তান। যিসময়ত পাকিস্তানৰ অৰ্থনীতি ধ্বংস হৈ ৰাষ্ট্ৰখনত চৌদিশে হাহাকাৰ পৰিস্থিতিৰ সূচনা কৰিছে তাৰ মাজতে আজি তালিবানে সংঘটিত কৰা বোমা বিস্ফোৰণে দেশখনক মানৱতাৰ বধ্যভূমিলৈ পৰিণত কৰিছে।

সোমবাৰে পাকিস্তানৰ অশান্ত খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ পেছাৱাৰৰ এটা জনবহুল অঞ্চলৰ মছজিদত আবেলিৰ প্ৰাৰ্থনাৰ সময়ত এটা শক্তিশালী আত্মঘাতি বোমা বিস্ফোৰণ সংঘটিত হৈছে। এই বিস্ফোৰণৰ ফলত এই পৰ্যন্ত অতি কমেও ৪৬ জন লোক নিহত হোৱাৰ উপৰিও ১৫০ জন লোক আহত হৈছে বুলি প্ৰকাশ পাইছে।

ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে দিয়া ভাষ্য অনুসৰি মছজিদৰ সন্মুখৰ শাৰীত থকা আত্মঘাতি বোমাৰুজনে দুপৰীয়া প্ৰায় ১.৪০ বজাত এই ঘটনা সংঘটিত কৰিছিল। এই ঘটনাৰ পিছতে আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল স্থানীয় লেডী ৰিডিং হাস্পতালত। হাস্পতালৰ বিষয়াসকলৰ ভাষ্য অনুসৰি এই ঘটনাত এতিয়ালৈকে ৪৬ জন লোকে প্ৰাণ হেৰুৱাইছে।

অৱশ্যে, পেছাৱাৰ আৰক্ষীয়ে ৩৮ জন নিহতৰ এখন তালিকা প্ৰকাশ কৰিছে। ইফালে আহতসকলৰ বেছিভাগেই আৰক্ষী। উল্লেখ্য যে এই বোমা বিস্ফোৰণত নিহত হৈছে তেহৰিক-ই-তালিবানৰ কামাণ্ডাৰ উমৰ খালিদ।

এই উমৰ খালিদৰ এগৰাকী ভাতৃয়ে দাবী কৰিছে যে, যোৱা বছৰ আগষ্টত আফগানিস্তানত নিহত হোৱা তেওঁৰ ভায়েকৰ মৃত্যুৰ প্ৰতিশোধ স্বৰূপে এই আত্মঘাতি আক্ৰমণ কৰা হৈছে। এই তেহৰিক-ই-তালিবানে পাকিস্তানত ইয়াৰ পূৰ্বেও বহু কেইটা আত্মঘাতি বিস্ফোৰণ সংঘটিত কৰিছে।

পেছাৱাৰৰ আৰক্ষী অধীক্ষক (অনুসন্ধান) শ্বাহজাদ কুকাবে সংবাদ মাধ্যমক ঘটনা সন্দৰ্ভত কৈছে যে, বিস্ফোৰণটো তেতিয়া সংঘটিত হৈছিল যেতিয়া তেওঁ প্ৰাৰ্থনা কৰিবলৈ মছজিদত প্ৰৱেশ কৰিছিল। কিন্তু সৌভাগ্যক্ৰমে তেওঁ বাচি গ'ল।

তেওঁৰ কাৰ্যালয় মছজিদৰ ওচৰত আছে। বিস্ফোৰণৰ ফলত মছজিদৰ এটা অংশ ধ্বংস হৈছে আৰু কেইবাজনো লোক ইয়াৰ ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকা বুলি ধাৰণা কৰা হৈছে।

ইফালে কেপিটেল চিটি আৰক্ষী বিষয়া (পেছাৱাৰ) মহম্মদ ইজাজ খানৰ উদ্ধৃতি দি ডন বাতৰি কাকতখনে প্ৰকাশ কৰিছে যে, কেইবাজনো সৈন্য ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ আছে আৰু উদ্ধাৰকাৰীসকলে তেওঁলোকক বাহিৰলৈ উলিয়াবলৈ চেষ্টা কৰি আছে। খানে কয় যে, বিস্ফোৰণৰ সময়ত অঞ্চলটোত ৩০০ৰ পৰা ৪০০ জন আৰক্ষী বিষয়া, জোৱান উপস্থিত আছিল।

প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে এই আক্ৰমণক তীব্ৰ গৰিহণা দি কয় যে, ঘটনাটোৰ আঁৰত থকা আক্ৰমণকাৰীসকলৰ "ইছলামৰ সৈতে কোনো সম্পৰ্ক নাই। সন্ত্ৰাসবাদৰ এই বিপদৰ বিৰুদ্ধে যুঁজত সমগ্ৰ ৰাষ্ট্ৰ একত্ৰিত হৈছে।''

শ্বৰীফে কৈছিল যে, অশান্ত খাইবাৰ পাখতুনখোৱাত আইন-শৃংখলাৰ অৱনতিৰ প্ৰতিৰোধ কৰিবলৈ এক ব্যাপক ৰণনীতি গ্ৰহণ কৰা হ'ব আৰু ফেডাৰেল চৰকাৰে ৰাজ্যসমূহক তেওঁলোকৰ সন্ত্ৰাসবাদ বিৰোধী ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব।

আনহাতে পেছাৱাৰৰ চিকিৎসালয়সমূহত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। চিকিৎসালয় প্ৰশাসনে লোকসকলক ৰক্তদান কৰিবলৈ আহ্বান জনাইছে। পেছাৱাৰ বিস্ফোৰণৰ পিছত ইছলামাবাদকে ধৰি মুখ্য চহৰসমূহত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে।

ইছলামাবাদলৈ অহা-যোৱা কৰা সকলো পথত নিৰাপত্তা বৃদ্ধি কৰা হৈছে আৰু গুৰুত্বপূৰ্ণ স্থান আৰু অট্টালিকাত স্নাইপাৰ মোতায়েন কৰা হৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে।

পাকিস্তান তেহৰিক-ই-ইনচাফে টুইট কৰি কয়, "প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াল আৰু আহতসকলৰ প্ৰতি আমাৰ গভীৰ সমবেদনা।