আন্তঃৰাষ্ট্ৰীয়

গীৰ্জাত দুৰ্বৃত্তৰ বন্দুক, বোমাৰে আক্ৰমণঃ শিশুসহ অৰ্ধশতাধিক লোকৰ মৃত্যু…

asomiyapratidin

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ ঘটনাই জোকাৰি গ'ল সমগ্ৰ নাইজেৰিয়া। এটা গীৰ্জাত দুৰ্বৃত্তৰ আক্ৰমণৰ ফলত নিহত হৈছে ৫০ জনৰো অধিক লোক। নিহত লোকসকলৰ মাজত আছে কেইবাটাও শিশু। নাইজেৰিয়াৰ অণ্ডোৰ ছেইণ্ট ফ্ৰান্সিছ গীৰ্জাত সংঘটিত হৈছে এই ঘটনা।

প্ৰৰম্ভিক খবৰ অনুসৰি গীৰ্জাটোত প্ৰাৰ্থনা কৰি থকাৰ সময়তে একাংশ দুৰ্বৃত্তই হাতত মাৰণাস্ত্ৰ লৈ গীৰ্জাটোত প্ৰৱেশ কৰে আৰু সমৱেত লোকসকলক লক্ষ্য কৰি এফালৰ পৰা গুলী চালনা কৰিবলৈ আৰম্ভ কৰে। ফলস্বৰূপে এই ঘটনাত ৫০ জনৰো অধিক লোক নিহত হয়। কেৱল গুলী চালনা কৰাতেই সীমাবদ্ধ নাথাকি দুৰ্বত্তৰ দলটোৱে গীৰ্জাটোত বোমা বিস্ফোৰণৰ ঘটনাও সংঘটিত কৰিছে।

এই ঘটনা কোনে আৰু কি উদ্দেশ্যত সংঘটিত কৰিলে তাৰ কোনো তথ্য বৰ্তমানেও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে সমগ্ৰ ঘটনা সদৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ঘটনাত অতি সংকটত জনক অৱস্থাত আন বহু কেইজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। সেই অনুসৰি মৃত্যুৰ সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনাই দেখা দিছে।