আন্তঃৰাষ্ট্ৰীয়

তুৰস্কৰ ধ্বংসস্তূপত সন্ধানহীন এজন ভাৰতীয়

Asomiya Pratidin

ডিজিটেল ডেস্ক : ভূমিকম্পত সম্পূৰ্ণৰূপে বিধ্বস্ত তুৰস্ক আৰু ছিৰিয়া । চৌদিশে কেৱল মৃত্যুঘন্টা বাজিছে দেশ দুখনত । উদ্ধাৰ কাৰ্য অব্যাহত যদিও প্ৰচণ্ড শীত আৰু তুষাৰপাতে ব্যাঘাত জন্মাইছে উদ্ধাৰ অভিযানত । চৰকাৰী সংখ্যা অনুসৰি দেশ দুখনত মৃতকৰ সংখ্যা ১১ হেজাৰ যদিও বেচৰকাৰী ভাৱে এই সংখ্যা যে ইয়াতকৈ বহু বেছি সেইয়া উল্লেখ কৰাটো অপ্ৰয়োজনীয় ।

আগন্তুক সময়ত এই সংখ্যা আৰু অধিক হোৱাৰ আশংকা কৰিছে দেশ দুখনৰ চৰকাৰে । আনহাতে বৰ্তমানলৈ আহতৰ সংখ্যা হৈছে প্ৰায় ৩৫ হেজাৰৰো অধিক । ইপিনে বিশ্ব স্বাস্থ্য সংস্থাই মৃতকৰ সংখ্যা ২০ হেজাৰৰো অধিক বুলি জনাইছে ।

উল্লেখ্য যে, কেৱল তুৰস্কতেই উদ্ধাৰ অভিযানৰ বাবে ৬০ হেজাৰৰো অধিক উদ্ধাৰকাৰীক মোতায়েন কৰা হৈছে । ভাৰতকে আদি কৰি বহু কেইখন দেশে প্ৰেৰণ কৰিছে সাহায্যকাৰীৰ দল ।

ইফালে ভাৰতৰ বৈদেশিক মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা এক তথ্য অনুসৰি, তুৰস্কত ভূমিকম্পৰ ধ্বংসস্তূপৰ মাজত সন্ধানহীন হৈ আছে এগৰাকী ভাৰতীয় লোকো । আনহাতে, তুৰস্কৰ বিভিন্ন প্ৰান্তত দহ গৰাকী ভাৰতীয় আৱদ্ধ হৈ আছে ধ্বংসস্তূপৰ মাজত । এই সকল লোককো উদ্ধাৰৰ বাবে আৰম্ভ হৈছে উদ্ধাৰ অভিযান ।