আন্তঃৰাষ্ট্ৰীয়

উত্তৰ আফ্ৰিকাত মহাপ্ৰলয় ! ধ্বংসস্তূপৰ মাজত দহ সহস্ৰাধিক লোক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এক শিহৰণকাৰী প্ৰাকৃতিক দুৰ্যোগে ধ্বংসৰ গৰাহলৈ ঠেলিছে উত্তৰ আফ্ৰিকাক। প্ৰলয়ংকাৰী বানৰ কবলত পৰিছে উত্তৰ আফ্ৰিকাৰ অন্যতম প্ৰধান চহৰ লিবিয়া। চহৰখনত সাগৰৰ উপকূলীয় অঞ্চলৰ পৰা হঠাৎ হোৱা বতাহ-ধুমুহাৰ পাছত সৃষ্টি হয় প্ৰলয়ংকাৰী বান। যি বানে চহৰখনত এক অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ কৰিছে। উল্লেখ্য যে, চহৰখনৰ ডেনিয়েল নামৰ ঠাইত ইয়াৰ সৰ্বাত্মক প্ৰভাৱ পৰে।

এই ধুমুহা-বতাহত চহৰখনৰ বাট-পথ, ঘৰ-দুৱাৰ চূৰ্ণ-বিচূৰ্ণ হোৱাৰ সমান্তৰালভাবে এই পৰ্যন্ত প্ৰায় ১০,০০০ লোক নিৰুদ্দেশ হোৱাৰ বাতৰি প্ৰকাশ পাইছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত। ইপিনে এই পৰ্যন্ত উদ্ধাৰ হৈছে ১,০০০ৰো অধিক মৃতদেহ। এই শিহৰকাৰী দুৰ্যোগৰ ফলত চহৰখনৰ প্ৰায় ২৫ শতাংশ সামগ্ৰিকভাবে ক্ষয়-ক্ষতি হোৱাৰো খবৰ প্ৰকাশ পাইছে। উল্লেখ্য যে, ইতিমধ্যেই লিব্ৰাৰ প্ৰশাসনে এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

ইপিনে উত্তৰ আফ্ৰিকাৰে মৰক্কো চহৰত বিগত ৮ আগষ্ট তাৰিখে হোৱা ভূমিকম্পৰ ফলত নিহতৰ সংখ্যাও বৃদ্ধি পায়েই আছে। প্ৰাৰম্ভিক তথ্যত ১ সহস্ৰাধিক লোক মৃত্যু হোৱাৰ খবৰ প্ৰকাশ হৈছিল যদিও বৰ্তমান মৃত্যুৰ সংখ্যা ৩ সহস্ৰাধিকলৈ বৃদ্ধি পাইছে। চহৰখনত বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত থকাত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰি প্ৰশাসনে এতিয়াও আনুষ্ঠানিকভাবে ঘোষণা কৰা নাই মৃতকৰ সংখ্যা।