আন্তঃৰাষ্ট্ৰীয়

নাই কেৰলৰ ধ্বনি, খ্ৰীষ্টমাছ ট্ৰীঃ যীচুৰ জন্মভূমিত এতিয়া আছে কেৱল কান্দোনৰ ৰোল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিশ্বৰ চুকে-কোনে এতিয়া বৰদিনৰ আনন্দ। সকলোফালে যীচুৰ জন্মদিনক লৈ চলিছে ব্যাপক আয়োজন। কিন্তু এই পাৰভগা উলাহৰ মাজতো খোদ যীচুৰ জন্মভূমি বেথেলহামত নাই কোনো আনন্দ। চাৰিওফালে কেৱল নিমাওমাও পৰিৱেশ। নাই খ্ৰীষ্টমাছ ট্ৰী, নাই কোনো আনন্দ।

গাজাত হামাছৰ বিৰুদ্ধে ইজৰাইলে চলোৱা যুদ্ধৰ বাবে বেথেলহামত এইবাৰ খ্ৰীষ্টমাছ পালন বন্ধ কৰি দিছে ইজৰাইল চৰকাৰে। ৭ অক্টোবৰৰ পৰা দক্ষিণ ইজৰাইলত হামাছৰ আক্ৰমণ, তাৰ পিছত গাজাত ইজৰাইলৰ সামৰিক আক্ৰমণ আদি। ইয়াৰ পাছতে এতিয়া ধ্বংসস্তুপত পৰিণত হৈছে ইজৰাইল-গাজা। যাৰ বাবে এইবাৰ বেথেলহামত নাই কোনো আনন্দ।

কেৰলৰ ধ্বনি এতিয়া অতীত। যি স্থানত যীচুৰ জন্ম হৈছিল সেই গিৰ্জাৰ সন্মুখত এতিয়া দেখা গৈছে কাঁইটীয়া তাঁৰ আৰু ধ্বংসস্তুপৰ অৱশিষ্ট। গাজাত নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই গিৰ্জাৰ সন্মুখত ধ্বংসস্তুপৰ দম ৰখা হৈছে।

বেথেলহামত বাস কৰা এজন লোকৰ মন্তব্য- আমাৰ কোনো অতিথি নাই। কোন সতে আমি পালন কৰো খ্ৰীষ্টমাছ। সকলোফালে কেৱল মৃত্যুৰ কিৰিলি। এতিয়ালৈকে এয়া আটাইতকৈ দুৰ্ভাগ্যজনক খ্ৰীষ্টমাছ। বেথলেহেম খ্ৰীষ্টমাছৰ বাবে বন্ধ কৰি দিয়া হৈছে। খ্ৰীষ্টমাছ ট্ৰী নাই, আনন্দ নাই, খ্ৰীষ্টমাছৰ আনন্দ নাই।

হোটেলৰ এগৰাকী কৰ্মচাৰীয়ে এই সন্দৰ্ভত কৈছে- আগতে খ্ৰীষ্টমাছৰ সময়ত হোটেলত যথেষ্ঠ ভিৰ থাকে। এতিয়া কেৱল সকলোৱে আগতে কৰা বুকিং বাতিল কৰি আছে। যিসকলে আগন্তুক বৰ্ষৰ বাবে হোটেল বুক কৰিছিল। সেই সকলেও বাতিল কৰিছে বুকিং। যুদ্ধ আৰম্ভ হোৱাৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হৈছে।

যুদ্ধই কেতিয়াও শান্তিৰ প্ৰতীক হ'ব নোৱাৰে, যুদ্ধই দিয়ে কেৱল ধ্বংস, যুদ্ধই কেৱল কাঢ়ি নিয়ে সুখ- শান্তি। যুদ্ধৰ বাবে এতিয়া যীচুৰ জন্মভূমিত নাই কোনো আনন্দ। সকলোফালে কেৱল নীৰৱতা, সকলোফালে কেৱল ধ্বংসস্তুপ।