চুবুৰীয় ম্যানমাৰত গৃহযুদ্ধঃ বাৰ্মিজ সেনাই আশ্ৰয় লৈছে ভাৰতত, চিন্তা বাঢ়িছে নতুন দিল্লীৰ...
চুবুৰীয় ম্যানমাৰত গৃহযুদ্ধঃ বাৰ্মিজ সেনাই আশ্ৰয় লৈছে ভাৰতত, চিন্তা বাঢ়িছে নতুন দিল্লীৰ... 
আন্তঃৰাষ্ট্ৰীয়

চুবুৰীয় ম্যানমাৰত গৃহযুদ্ধঃ বাৰ্মিজ সেনাই আশ্ৰয় লৈছে ভাৰতত, চিন্তা বাঢ়িছে নতুন দিল্লীৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিদ্ৰোহীৰ ভয়ত দেশ এৰি ভাৰতত প্ৰৱেশ কৰিছে ম্যানমাৰৰ সেনাই। সামৰিক শাসন চলি থকা দেশখনৰ বিৰুদ্ধে শেহতীয়াকৈ আক্ৰমণাত্মক হৈ উঠিছে বিদ্ৰোহী গোট ব্ৰাদাৰহুড এলায়েন্স।

এই বিদ্ৰোহী গোটৰ আক্ৰমণত এটাৰ পাছত এটাকৈ এলেকা সেনাই নিয়ন্ত্ৰণৰ পৰা এৰি দিবলগীয়া হৈছে। বিদ্ৰোহী গোটৰ এনে আক্ৰমণত প্ৰাণ ৰক্ষা কৰিবলৈ সীমান্ত অঞ্চলৰ গাওঁবাসীৰ সৈতে বাৰ্মিজ সেনাই মিজোৰামত প্ৰৱেশ কৰিছে।

বিগত ২৪ ঘণ্টাত সীমান্ত পাৰ হৈ মিজোৰামত প্ৰৱেশ কৰিছে প্ৰায় ৫ হাজাৰ বাৰ্মিজ লোক। যাৰ ভিতৰত আছে ৩৯ গৰাকীকৈ ম্যানমাৰৰ সেনাবাহিনীৰ জোৱান। এই তথ্য সদৰী কৰিছে মিজোৰাম আৰক্ষীয়ে।

মিজোৰাম আৰক্ষীৰ আই জি লালবিয়াকথাঙ্গা খিয়াংটে মঙ্গলবাৰে কয়, মিজোৰামৰ চাম্পেই জিলাৰ সীমান্তৰ কিছু দূৰত ম্যানমাৰ সেনাৰ ৰিখাওদৰ আৰু খাওমাওয়ি চাউনী দুটা সোমবাৰে সন্ধিয়া বিদ্ৰোহী বাহিনীয়ে দখল কৰিছে। প্ৰাণৰ ভয়ত ৩৯ গৰাকী ম্যানমাৰৰ সেনা জোৱানে জোকাওথান সীমান্ত চেকপোষ্ট পাৰ হৈ ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰি আত্মসমৰ্পণ কৰিছে। তেওঁলোকে ভাৰতত আশ্ৰয় বিচাৰিছে।

লালবিয়াকথাঙ্গাই আৰু কয়, সীমান্তৱৰ্তী একাধিক গাওঁ দখল কৰিছে বিদ্ৰোহী বাহিনীয়ে। সেয়ে ম্যানমাৰৰ এনে সীমান্তৱৰ্তী গাওঁৰ প্ৰায় ৫ হাজাৰৰ লোকে ভয়তে ভাৰতত প্ৰৱেশ কৰিছে। মিজোৰাম আৰক্ষীৰ খবৰ অনুসৰি গুলীবিদ্ধ হৈ আহত হোৱা কেইবাজনো বাৰ্মিজ লোকক চাম্পেই জিলা হাস্পতালত ভৰ্তি কৰোৱা হৈছে। তাৰে মাজৰ এজনৰ মৃত্যুও হৈছে।

বিগত ৭ নৱেম্বৰত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া হৈ যোৱা উত্তৰ পূৰ্বাঞ্চলৰ এই ৰাজ্যখনৰ নিৰ্বাচনৰ ভোটগণনা এতিয়াও হোৱা নাই। সেয়েহে এনে পৰিস্থিতিত ইমান বিপুল সংখ্যক বাৰ্মিজ শৰনাৰ্থী আহি ৰাজ্যখনত প্ৰৱেশ কৰা বিষয়টোৱে ৰাজ্যখনৰ আইন, শৃংখলা পৰিস্থিতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ফলত চিন্তিত হৈ পৰিছে প্ৰশাসন।

আনহাতে শান্ত হোৱাৰ নাম নোলোৱা মিজোৰামৰ সীমান্তৱৰ্তী ৰাজ্য মণিপুৰ কাণ্ডয়ো এই ৰাজ্যখনত প্ৰভাৱ পেলাইছে। ফলত ৰাজ্যখনৰ সীমান্তত কৰ্তব্যৰত হৈ থকা বি এছ এফ আৰু আছাম ৰাইফলছক সতৰ্ক হৈ থকাৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে।

উল্লেখ্য যে, অক্টোবৰৰ মাজৰ পৰাই ম্যানমাৰৰ তিনিটাকৈ বিদ্ৰোহী সংগঠন টাং নেচনেল লিবাৰেচন আৰ্মি চমুকৈ টি এন এল এ, আৰকান আৰ্মি চমুকৈ এ এ আৰু ম্যানমাৰ নেচনেল ডেমক্ৰেটিক এলায়েন্স আৰ্মি চমুকৈ এম এন ডি এ এ একত্ৰিত হৈ দেশখনৰ সামৰিক জুণ্টা চৰকাৰৰ বিৰুদ্ধে যৌথ অভিযান আৰম্ভ কৰিছে। ম্যানমাৰৰ গণতন্ত্ৰপন্থী স্বঘোষিত চৰকাৰ নেচনেল ইউনিটি গভৰ্মেণ্টে এই বিদ্ৰোহী গোটলৈ সমৰ্থন আগবঢ়াইছে।

এনে অভিযানৰ মাজতে ইতিমধ্যে উত্তৰ আৰু উত্তৰ পশ্চিম ম্যানমাৰৰ শান আৰু ছাজিয়াং প্ৰদেশৰ বিস্তীৰ্ণ অঞ্চল বিদ্ৰোহীৰ দখললৈ গৈছে। ম্যানমাৰ আৰু চীন সংযোগৰক্ষাকাৰী প্ৰধান পথটোও বিদ্ৰোহীয়ে দখল কৰিবলৈ চেষ্টা চলাইছে।

আনহাতে উত্তৰ আৰু উত্তৰ পশ্চিম দখল কৰাৰ পাছত বিদ্ৰোহীসকল পশ্চিমৰ ছিন প্ৰদেশ দখল কৰিবলৈ আগবাঢ়িছে। ম্যানমাৰৰ মানৱধিকাৰ সংস্থাসমূহৰ মতে গৃহ যুদ্ধৰ সূত্ৰপাত হোৱা ম্যানমাৰৰ লক্ষাধিক নাগৰিকে ইতিমধ্যে স্বগৃহ ত্যাগ কৰিছে।

এক দশক পূৰ্বে ৰোহিঙ্গিয়া বিতাৰণ পৰিস্থিতিৰ পাছত ম্যানমাৰত বৰ্তমান গৃহযুদ্ধই নতুনকৈ শৰনাৰ্থী সমস্যাৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে। ফলত চিন্তা বাঢ়িছে নতুন দিল্লীৰ।

২০২১ ৰ ফেব্ৰুৱাৰীত ম্যানমাৰৰ গণতান্ত্ৰিক নেত্ৰী আং চাং চ্যু কিৰ দল নেচনেল লিগ ফৰ ডেমক্ৰেচিৰৰ নেতৃত্বাধীন চৰকাৰক উৎখাত কৰি ৰাষ্ট্ৰখনত পুনৰ হৈছিল সেনাৰ অভ্যুত্থান। ফলত দেশখনৰ ক্ষমতা দখল কৰিছিল জুণ্টাই।

ইয়াৰ পাছত দেশখনৰ চূড়ান্ত ৰূপত মানৱ অধিকাৰ উলংঘা কৰি সামৰিক জুণ্টাই সকলোৰে মুখ বন্ধ কৰাৰ চেষ্টা কৰিছিল যদিও আঢ়ৈ বছৰৰ পাছত ৰাষ্ট্ৰখনত সংকতৰ সন্মুখীন হৈছে জুণ্টা বাহিনী।

পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে দক্ষিণ এছিয়াৰ এই ক্ষুদ্ৰ ৰাষ্ট্ৰখন টুকুৰা টুকুৰ হৈ যোৱাৰ আশংকা ব্যক্ত কৰিছে ম্যানমাৰৰ ষ্টেট এডমিনিষ্ট্ৰেচন কাউন্সিৰ সভাপতি মিয়ন্ত ছোয়ে।