আন্তঃৰাষ্ট্ৰীয়

মহাকাশত ৬.৫ ঘন্টা খোজ কাঢ়িব দুই মহাকাশচাৰীয়ে, চাব পাৰিব সমগ্ৰ বিশ্বই...

Asomiya Pratidin

ডিজিটেল ডেস্ক : বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ দৌৰত যেন সকলোৰে আগত আছে নাছা । প্ৰত্যেক দিনেই ন ন আৱিষ্কাৰ, উদ্ভাৱনেৰে সকলোকে আচৰিত কৰি আহিছে নাছাই । এই বিশাল অজান মহাকাশক পাৰ্যমানে আকোৱালি লোৱাৰ প্ৰচেষ্টা নাছাৰ । এয়াই যেন জীৱশ্ৰেষ্ঠ মানুহ হোৱাৰ প্ৰমাণ । কোনো কালেই থমকি নোৰোৱাৰ প্ৰতিশ্ৰুতি ।

তেনে এক অনুৰূপ ঘটনাই আকৌ এবাৰ কৰি দেখুৱাবলৈ সাজু নাছা । আজি আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা দুগৰাকী মহাকাশচাৰীয়ে শূণ্যত খোজ কাঢ়িব প্ৰায় ৬.৫ ঘন্টাৰ বাবে । আৰু এই সমগ্ৰ ঘটনা লাইভ ৰূপে চাবলৈ পাব পৃথিৱীবাসীয়ে । কি এক নান্দনিক হ'ব এই দৃশ্য।

অৱশ্যে মহাকাশত এই পদযাত্ৰাৰ উদ্দেশ্য মনোৰঞ্জন নহয় বৰং মহাকাশ কেন্দ্ৰটোৰ শক্তি ব্যৱস্থা উন্নত কৰিবলৈ নতুন প্ৰযুক্তি স্থাপনৰ বাবে খোজ কাঢ়িব লগীয়া নহ'ব মহাকাশচাৰী দুগৰাকীয়ে । এই সমগ্ৰ পদযাত্ৰা আগ্ৰহীসকলে চাবলৈ পাব নাছাৰ এপ অথবা ৱেবচাইটত ।

উল্লেখ্য যে, ২ ফেব্ৰুৱাৰীত নাছাৰ মহাকাশচাৰী নিক'ল মেন আৰু জাপানৰ চৰকাৰী মহাকাশ কেন্দ্ৰৰ মহাকাশচাৰী কোইছি ৱাকাটাই পুৱা ৬.৪৫ বজাত মহাকাশ কেন্দ্ৰ ত্যাগ কৰি আৰম্ভ কৰিছে এই পদযাত্ৰা আৰু নতুন সামগ্ৰী সমূহ স্থাপন কৰি পুনৰ উভতি আহিব মহাকাশ কেন্দ্ৰলৈ ।