আন্তঃৰাষ্ট্ৰীয়

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ! ভুলবশত মিছাইল পৰিল গৈ পোলেণ্ডত...

Asomiya Pratidin

ডিজিটেল ডেস্ক: অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ। ইয়াৰ মাজতে বুধবাৰে ভুলবশত এটা মিছাইল গৈ পৰে পোলেণ্ডত। যত দুজনকৈ লোকৰ মৃত্যু হয়।

প্ৰথম অৱস্থাত এই মিছাইল ৰাছিয়াই ভুলবশত নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছিল । কিন্তু ৰাছিয়াই এই অভিযোগ খাৰিজ কৰিছে।

পোলেণ্ডত মিছাইল আক্ৰমণ সন্দৰ্ভত ৰাছিয়াৰ সাংসদৰ পৰা এটা বিবৃতি প্ৰকাশ পাইছে। ক্ৰেমলিনে কৈছে যে পোলেণ্ডত হোৱা আক্ৰমণৰ ৰাছিয়াৰ সৈতে কোনো সম্পৰ্ক নাই।

ৰাছিয়াই ইয়াৰ বাবে ইউক্ৰেইনক দোষাৰোপ কৰিছে। । বেলজিয়ামে এই সন্দৰ্ভত কয় যে পোলেণ্ডত বিস্ফোৰণটো সম্ভৱতঃ ইউক্ৰেইনৰ বায়ু প্ৰতিৰক্ষা প্ৰণালীয়ে ৰাছিয়াৰ পৰা অহা মিছাইলৰ ওপৰত গুলী চালনা কৰাৰ ফলত হৈছিল।

বিস্ফোৰণটো এখন পথাৰত নিৰ্মিত এটা অট্টালিকাত সংঘটিত হৈছিল।এই ঘটনাৰ পাছতেই সংঘৰ্ষ পুনৰ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে।

এই মিছাইল আক্ৰমণৰ পাছতেই বালিত চলি থকা জি-20 সন্মিলনত এখন জৰুৰী বৈঠক আহ্বান কৰিব লগা হয়। বৈঠকখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল আৰু ইয়াত অন্যান্য দেশৰ সৈতে মুখ্য পশ্চিমীয়া শক্তি সমূহে অংশগ্ৰহণ কৰিছিল।

আৰু পঢ়ক: ধুবুৰীত জিলা তথ্য আৰু জনসংযোগৰ উদ্যোগত প্ৰেছ দিৱস উদযাপন...