আন্তঃৰাষ্ট্ৰীয়

থাকিবলৈ নাই ঘৰঃ নিশাৰ ভিতৰতে কোটিপতি দুৰ্ভগীয়া মহিলা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কোনে জানে কাৰ কেতিয়া ক'ত ভাগ্য উদয় হয়। লটাৰী খেলে ভাগ্য সলালে এগৰাকী দুৰ্ভগীয়া নাৰীৰ। নিশাৰ ভিতৰতে কোটিপতি হ'ল কেলিফৰ্ণিয়াৰ এগৰাকী মহিলা।

৬ বছৰে গৃহহীন জীৱন-যাপন কৰা দুৰ্ভগীয়া মহিলাগৰাকীয়ে লটাৰী খেলযোগে লাভ কৰে ৫ নিযুত ডলাৰৰ বৃহৎ পৰিমাণৰ অৰ্থ। দুৰ্ভগীয়া মহিলাগৰাকীয়ে বুধবাৰে কেলিফৰ্ণিয়াত অনুষ্ঠিত লটাৰী খেলত উক্ত ধনৰাশি পুৰস্কাৰ হিচাপে লাভ কৰে।

বৃহৎ পৰিমাণৰ ধন লাভ কৰি আনন্দিত হৈ তেওঁ কয় যে তেওঁ দৰে এগৰাকী গৃহহীন মহিলাই এই ধন লাভ কৰি নিজকে আচৰিত হোৱা বুলি মন্তব্য কৰাৰ লগতে লটাৰী খেল অনুষ্ঠিত কৰা সংস্থাটি লৈ তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁ একো নভবাকৈয়ে লটাৰী টিকট ক্ৰয় কৰি কোটিপতি হ'ব বুলি কল্পনাও কৰা নাছিল বুলি মন্তব্য কৰে।