আন্তঃৰাষ্ট্ৰীয়

মালদ্বীপ-চীনৰ মাজত ২০ খন চুক্তি স্বাক্ষৰিত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বহু চৰ্চিত ভাৰত-মালদ্বীপৰ বিবাদৰ মাজতে মালদ্বীপ আৰু চীনৰ মাজত স্বাক্ষৰিত হ'ল ২০ খনকৈ চুক্তি। বুধবাৰে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে চীন ভ্ৰমণ কালত চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙতক সাক্ষাৎ কৰে। এই সাক্ষাৎত পৰ্যটনৰ সহযোগিতা ক্ষেত্ৰত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক এক ব্যাপক কৌশলগত সহযোগীতামূলক অংশীদাৰত্বলৈ উন্নীত কৰাৰ কথা ঘোষণা কৰে দুইদেশৰ ৰাষ্ট্ৰপতিয়ে।

চীনৰ আতিথ্য লাভ কৰি প্ৰথমবাৰৰ বাবে চীনলৈ ভ্ৰমণ কৰা এইবছৰৰ প্ৰথমজন বিদেশী ৰাষ্ট্ৰপতি হিচাপে গৌৰৱ অনুভৱ কৰিছে বুলি মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে প্ৰকাশ কৰে। এই সুযোগতে চীনে মালদ্বীপক নিজৰ ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব, স্বাধীনতা, ভূখণ্ডৰ অখণ্ডতা আৰু ৰাষ্ট্ৰীয় মৰ্যাদা ৰক্ষাৰ ক্ষেত্ৰত দৃঢ় সমৰ্থন আগবঢ়াব বুলি মত প্ৰকাশ কৰে চীনৰ ৰাষ্ট্ৰপ্ৰধান জি জিনপিঙে।

উল্লেখ্য যে মালদ্বীপ-চীনৰ মাজত স্বাক্ষৰিত চুক্তিসমূহৰ ভিতৰত আছিল পৰ্যটন সহযোগিতা, দুৰ্যোগৰ আশংকা হ্ৰাস কৰা, নীলা অৰ্থনীতি আৰু ডিজিটেল অৰ্থনীতিত বিনিয়োগ শক্তিশালী কৰা। চীনে মালদ্বীপক অনুদানৰ সাহায্যও আগবঢ়াব বুলিও প্ৰকাশ কৰিছে। লগতে এই চুক্তি সমূহৰ ভিতৰত বেল্ট এণ্ড ৰোড ইনিচিয়েটিভত সহযোগিতাত পৰিকল্পনা প্ৰণয়ন কৰা, ফুছিধিগ্গৰু ফালহুৰ সামাজিক গৃহ নিৰ্মাণ প্ৰকল্প, মীন পালনত ব্যৱহৃত সামগ্ৰী প্ৰস্তুতৰ কাৰখানা আৰু মেল আৰু ভিলিমেলৰ পথ উন্নয়ন প্ৰকল্পৰ পুনৰ উন্নয়নৰ কাম যৌথভাৱে ত্বৰান্বিত কৰাৰ সিদ্ধান্ত লৈছে।