এজনৰ পাছত এজনকৈ পাকিস্তানত নিহত ভাৰতৰ শত্ৰু...
এজনৰ পাছত এজনকৈ পাকিস্তানত নিহত ভাৰতৰ শত্ৰু... 
আন্তঃৰাষ্ট্ৰীয়

এজনৰ পাছত এজনকৈ পাকিস্তানত নিহত ভাৰতৰ শত্ৰু...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতৰ শত্ৰু হিচাপে বিবেচিত হোৱা এজনৰ পাছত এজনকৈ লোক দেশৰ বাহিৰত নিহত হৈছে। ভাৰতত সংঘটিত একাধিক সন্ত্ৰাসবাদমূলক কাৰ্যকলাপত জড়িত থকা লস্কৰ ই তৈবাৰ নেতা আক্ৰাম খান ওৰফে আক্ৰাম গাজীক শেহতীয়াকৈ গুলীয়াই হত্যা কৰা হৈছে।

বৃহস্পতিবাৰে তেওঁক পাকিস্তানৰ বাজাউৰত অচিনাক্ত আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰিছে। লস্কৰ ই তৈবাৰ এইগৰাকী নেতা ২০১৮ ৰ পৰা ২০২০ লৈ আছিল সংগঠনটোৰ নিযুক্তি কোষৰ নেতা।

কাশ্মীৰত অনুপ্ৰৱেশৰ ক্ষেত্ৰত তেওঁ লৈ আহিছিল গুৰুত্বপূৰ্ণ ভূমিকা। জানিব পৰা মতে সংগঠনটোৰ আভ্যন্তৰীণ সংঘৰ্ষৰ বাবেই তেওঁক এইদৰে হত্যা কৰা হৈছে। পাকিস্তানী সংস্থাসমূহে এই হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে।

গাজীৰ এই হত্যাকাণ্ড আই এছ আইৰ বাবে এক চৰম বিফলতা বুলি চিহ্নীত হৈছে। যোৱা এটা সপ্তাহত পাকিস্তানত ভাৰতৰ শত্ৰুৰ এইয়া আছিল একেৰাহে দ্বিতীয়টো হত্যা কাণ্ড।

ইয়াৰ পূৰ্বে, আন এজন সন্ত্ৰাসবাদীক অচিনাক্ত আক্ৰমণকাৰীয়ে হত্যা কৰিছিল। ২০১৮-২০ বৰ্ষত কাশ্মীৰী যুৱক-যুৱতীসকলক সন্ত্ৰাসবাদী সংগঠনলৈ প্ৰলোভিত কৰাৰ বাবে তেওঁ মুখ্যতঃ দায়বদ্ধ আছিল। কাশ্মীৰ উপত্যকাত, তেওঁ বহু মৌলবাদীক ভাৰতত অনুপ্ৰৱেশ কৰোৱাইছিল।

২০১৮ চনত জম্মু আৰু কাশ্মীৰৰ চুঞ্জৱানত সন্ত্ৰাসবাদী আক্ৰমণৰ মূল সূত্ৰধাৰ আছিল এইগৰাকী সন্ত্ৰাসবাদী নেতা। খাজা শ্বাহিদক কাশ্মীৰৰ পৰা আক্ৰাম গাজীয়ে অপহৰণ কৰি হত্যা কৰিছিল। শ্বাহিদৰ কটা মূৰটো পিছত পি অ'কেৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত পোৱা গৈছিল।

আক্ৰাম গাজীয়ে প্ৰায়ে ভাৰতৰ বিৰুদ্ধে বক্তব্য আগবঢ়াই আহিছিল। ইয়াৰ পূৰ্বে ছেপ্টেম্বৰত পি অ' কেৰ ৰাৱালাকোটৰ আল-কুটুছ মছজিদৰ বাহিৰত এল ই টিৰ আন এজন কমাণ্ডাৰ ৰিয়াজ আহমেদ নিহত হৈছিল।

উল্লেখ্য যে, ভাৰতত সন্ত্ৰাসমূলক কাৰ্য সংঘটিত কৰি শত্ৰুতাৰ পৰিচয় দিয়া বহু কেইজন শত্ৰু যোৱা সময়ছোৱাত ভাৰতৰ বাহিৰত হত্যাৰ সন্মুখীন হৈছে। ১০ অক্টোবৰত সন্ত্ৰাসবাদী সংগঠন জৈশ ই মহম্মদৰ নেতা শ্বাহিদ লতিফকো গুলীয়াই হত্যা কৰা হৈছিল। ২০১৬ চনত ভাৰতৰ পাঠানকোটত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ তেওঁ অন্যতম মাষ্টাৰমাইণ্ড আছিল।

এমাহ পূৰ্বেভাৰতৰ আন এজন শত্ৰু মুফতি কাইছেৰ ফাৰুককো পাকিস্তানত অচিনাক্ত আক্ৰমণকাৰীয়ে হত্যা কৰিছিল। তেওঁ গুলচন-ই-উমাৰ মাদ্ৰাছাত নিহত হৈছিল। একে সময়তে, লস্কৰৰ মৌলানা জিয়াউৰ ৰহমানকো কৰাচীত আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰে।

মে' মাহত, খালিস্তান কমাণ্ডো বাহিনীৰ মুৰব্বী পৰমজিৎ সিং পাঞ্জৱাৰক লাহোৰত পুৱা খোজ কাঢ়ি থকা অৱস্থাতে আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰে। তেওঁক তেওঁৰ ঘৰৰ ওচৰতে হত্যা কৰা হৈছিল।

কানাডাত খালিস্তানি সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰ আৰু সুখদুল সিং ওৰফে সুখদুল সিং ওৰফে চুখা ডুনেকেকো অচিনাক্ত আক্ৰমণকাৰীয়ে হত্যা কৰিছিল।