৭.৬ প্ৰাবল্যৰ ভূমিকম্পৰ পাছত ১৫৫ বাৰ কপি উঠিল জাপানঃ ধ্বংস্তূপৰ মাজত চলিছে উদ্ধাৰ অভিযান...
৭.৬ প্ৰাবল্যৰ ভূমিকম্পৰ পাছত ১৫৫ বাৰ কপি উঠিল জাপানঃ ধ্বংস্তূপৰ মাজত চলিছে উদ্ধাৰ অভিযান... 
আন্তঃৰাষ্ট্ৰীয়

৭.৬ প্ৰাবল্যৰ ভূমিকম্পৰ পাছত ১৫৫ বাৰ কপি উঠিল জাপানঃ ধ্বংস্তূপৰ মাজত চলিছে উদ্ধাৰ অভিযান...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বছৰৰ প্ৰথমটো দিনতে প্ৰাকৃতিক বিপৰ্যয়ত বিধ্বস্ত জাপান। সোমবাৰে ৰিখটাৰ স্কেলত ৭.৬ মিটাৰ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় সূৰ্য উঠাৰ দেশখনক। তাৰ পাছতে মুঠ ১৫৫ বাৰ কপি উঠিল জাপান।

এই মুহূৰ্তলৈকে পোৱা তথ্য অনুসৰি ২০ জনৰো অধিক লোক এই ভূমিকম্পৰ ফলত মৃত্যু হৈছে। হতাহতিৰ সংখ্যাও শতাধিক। জানিব পৰা মতে এতিয়াও ধ্বংস্তূপৰ মাজত আৱদ্ধ হৈ আছে বহু লোক। দেশখনৰ প্ৰধানমন্ত্ৰীয়ে জনোৱা অনুসৰি এই ভূমিকম্পত বিস্তৰ ক্ষতি হৈছে।

সংবাদ মাধ্যমৰ আগত জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, নতুন বছৰৰ প্ৰথম দিনটোতেই ভংয়কৰ প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হৈছোঁ আমি। এই ভূমিকম্পত ব্যাপক ক্ষতি হৈছে। প্ৰাণহানিও হৈছে। প্ৰশাসনে দ্ৰুত গতিৰে উদ্ধাৰৰ চেষ্টা চলাইছে। বহু ঘৰ, পথৰ ক্ষতি হৈছে। অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে।

মঙ্গলবাৰে জাপানৰ বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে সোমবাৰৰ পৰা জাপানত ১৫৫ টা কম্পন অনুভূত হৈছে। যাৰ ভিতৰত বেছিভাগ কম্পনৰেই প্ৰাবল্য ৰিখটাৰ স্কেলত ৩ ৰ ওপৰত। ইফালে জাপানত জাৰি কৰা হৈছে চুনামীৰ সতৰ্কতা। অৱশ্যে মঙ্গলবাৰে সেই সতৰ্কতা উঠাই লোৱা হৈছে।

জাপানত সৃষ্টি হোৱা এনে পৰিস্থিতিত টকিঅ'স্থিত ভাৰতীয় দূতাবাসে কেইবাটাও হেল্প লাইন নম্বৰ আৰু এটা ইমেইল আইডি মুকলি কৰিছে। দূতাবাসতে স্থাপন কৰা হৈছে এটা নিয়ন্ত্ৰণ কক্ষ।