আন্তঃৰাষ্ট্ৰীয়

বিবাহ অভ্যৰ্থনাত অগ্নিকাণ্ডঃ দৰা-কইনাৰ সহিতে মৃত্যু ১০০ৰো অধিক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ইৰাকৰ অল-হমদানিয়া নামৰ জিলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এখন বিবাহ অভ্যৰ্থনা অনুষ্ঠানত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত প্ৰাণ যায় শতাধিক লোকৰ।

অগ্নিকাণ্ডটোত এই পৰ্যন্ত ১১৫জনতকৈও অধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি আহতৰ সংখ্যা হৈছে ডেৰ শতাধিক। ইপিনে মৃতকৰ ভিতৰত দৰা-কইনাও থকাৰ কথা প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত।

উল্লেখযোগ্য যে, আতচবাজীৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে যদিও তদন্তৰ পাছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব। অৱশ্যে ঘটনাৰ সন্দৰ্ভত উদ্ধাৰ অভিযানৰ লগতে প্ৰাথমিক তদন্তও সম্পন্ন কৰিছে জিলাখনৰ প্ৰশাসনে।