আন্তঃৰাষ্ট্ৰীয়

ফিফাৰ ঐতিহাসিক সিদ্ধান্ত ! ফুটবল বিশ্বকাপত থাকিব মহিলা ৰেফাৰী…

asomiyapratidin

ডিজিটেল ডেস্কঃ পুনৰ আৰম্ভ হোৱাৰ দিশে বিশ্বকাপৰ বতৰ। মাজত মাত্ৰ কেইটামান মাহ। আকৌ ফুটবল জ্বৰত আক্ৰান্ত হ'ব বিশ্ববাসী। কোৰোনাৰ বাবে মাজত দুটাকৈ বছৰ কিছু স্থবিৰতা অহা বিশ্ব ক্ৰীড়া ক্ষেত্ৰ পুনৰ জীপাল হৈ পৰিছে। খেলপথাৰত অনুষ্ঠিত হৈছে কেইবাখনো বিশ্ব প্ৰতিযোগিতা। ইয়াৰ মাজতে বিশ্ব ক্ৰীড়াৰ সবাটোকৈ হাইভল্টেজ প্ৰতিযোগিতা ফিফা বিশ্বকাপ সমাগত। পদশিল্পৰ যাদুৰে মোহাছন্ন কৰিবলৈ সাজু হৈছে ফুটবল মহা তাৰকাসকল ।

প্ৰথমবাৰৰ বাবে নৱেম্বৰ-ডিচেম্বৰ মাহত অনুষ্ঠিত হ'বলৈ আগবাঢ়িছে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। অহা নৱেম্বৰ মাহৰ ২১ তাৰিখৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব ফিফাৰ বিশ্ব প্ৰতিযোগিতাখন । যিদৰে প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ সময় কিছু সালসলনি কৰা হৈছে ঠিক একেদৰে প্ৰতিযোগিতা পৰিচালনাৰ ক্ষেত্ৰতো দেখা যাব কিছু নতুনত্ব। এইবাৰ পুৰুষ ৰেফাৰীৰ সমানে সমানে দেখা যাব মহিলা ৰেফাৰীকো ।

হয়, প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবলত থাকিব মহিলা ৰেফাৰী। ইতিমধ্যে ক্লাব আৰু অন্যান্য টুৰ্ণামেণ্টত মহিলা ৰেফাৰীয়ে পুৰুষৰ মেচ পৰিচালনা কৰিছে যদিও বিশ্বকাপত মহিলা ৰেফাৰীক পুৰুষৰ মেচত দেখিবলৈ পোৱা নগৈছিল । এইবাৰ বিশ্বকাপত হ'ব তাৰ ব্যতিক্ৰম । পুৰুষৰ মেচ পৰচালনা কৰিব মহিলাই ।

ফিফাই বৃহস্পতিবাৰে বিশ্বকাপৰ মেচ পৰিচালনা কৰিবলৈ মুঠ ৩৬ গৰাকী ৰেফাৰীৰ নাম ঘোষণা কৰিছে । যাৰ ভিতৰত আছে ৩ গৰাকী মহিলা ৰেফাৰী আৰু তিনিগৰাকী সহকাৰী মহিলা ৰেফাৰী । পুৰুষৰ সমানে মেচ পৰিচালনা কৰাৰ সুযোগ লাভ কৰা এই মহিলা ৰেফাৰী তিনিগৰাকী ফ্ৰাঞ্চৰ ষ্টিফেনি ফ্ৰেপাৰ্ট, ৰাৱাণ্ডাৰ চেলিমা মুকানচাংগা আৰু জাপানৰ ইয়োশিমি য়ামাশিতাও ।

তিনিওগৰাকী মহিলা ৰেফাৰীৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ নামটো হ'ল ফ্ৰাঞ্চৰ ষ্টিফেনি ফ্ৰেপাৰ্ট । এইগৰাকী মহিলা ৰেফাৰীয়ে চেম্পিয়নছ লীগত ৰেফাৰী হিচাপে ৰেকৰ্ড সৃষ্টি কৰিছিল । চেম্পিয়নছ লীগৰ ইতিহাসৰ প্ৰথমগৰাকী মহিলা ৰেফাৰী আছিল ষ্টিফেনি ফ্ৰেপাৰ্ট ।

আনহাতে এই তিনিগৰাকী মহিলা ৰেফাৰীৰ লগতে সহকাৰী ৰেফাৰী হিচাপে থাকিব আন তিনিগৰাকী মহিলা । তেওঁলোক ক্ৰমে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেথেৰিন নেচবিট, মেক্সিকোৰ ডেজ মেডিনা আৰু ব্ৰাজিলৰ নিউজা বেক ।