২৩মে অন্তিম দিনঃ এতিয়াও ঘোষণা কৰিব পৰা নাই শাসক দলৰ প্ৰাৰ্থীৰ তালিকা…

২৩মে অন্তিম দিনঃ এতিয়াও ঘোষণা কৰিব পৰা নাই শাসক দলৰ প্ৰাৰ্থীৰ তালিকা…

ডিজিটেলৰ ডেস্কঃ কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ নিৰ্বাচনী তৎপৰতা ৰাজ্যৰ বান পৰিস্থিতিৰ মাজতে তুংগত উঠিছে। শুকুৰবাৰে বোকাজানত শাসক দল বিজেপিৰ ৰাজ্যিক তত্ত্বাৱধায়ক অশোক শৰ্মা আৰু বিনোদ হাজৰিকাৰ উপস্থিতিত বিভিন্ন সমষ্টিৰ বাবে আবেদন কৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী সকলৰ গ্ৰহণযোগ্যতা তথা বিজয়ৰ সম্ভাৱনাৰ সন্দৰ্ভত দলীয় কৰ্মীৰ মতামত সংগ্ৰহ কৰা হয়।

ইফালে এ এছ ডি চি দলে আজি ১৯টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে। তেওঁলোক হল ক্ৰমে-

  • দুৱাৰ আমলা সমষ্টি : চৰকাৰ ফাংছ'।
  • চিণ্ঠং : চন্দ্ৰ ৰংফাৰ।
  • ছচেং : ৰামছিং তেৰাং।
  • বিথুং ৰেংথামা : চিকাৰী কাথাৰ।
  • কপিলী : চন্দ্ৰছিং ডেৰা।
  • হামৰেণ : মেনছিং তেৰাং।
  • হাওৰাঘাট : ৰত্নেশ্বৰ তিমুং।
  • ফুলনি : মুনীন্দ্ৰ বে'।
  • কৰকাণ্ঠি : খৰছিং ইংতি।
  • মহামায়া : বাবুছিং ৰংহাং।
  • নমাটি : বৰছিং ফাংছ'।
  • ছচেং ধেণ্টা : দ্বীজেন্দ্ৰ তেৰাং।
  • লুম্বাজং : মাইকন ৰংফাৰপী।
  • ধনশিৰী : মণ্ডল তাৰ'।
  • সিংহাসন: ৰাকেশছিং টেৰণ।
  • দেওপানী : বিদ্যাছিং তিছ'।
  • নিলীপ : সুনীল টকবী।
  • দুৱাৰ বাগৰি : ৰাজেন হাঞ্চে।
  • বৰজান : কমলছিং বে'।

দলটোৰ নেতৃত্বই জানিবলৈ দিয়া মতে ইয়াৰোপৰি আমৰি লাংফে আৰু সৰুপথাৰ সমষ্টিত সমভাৱাপন্ন প্ৰাৰ্থীক এ এছ ডি চিয়ে সমৰ্থন জনাব। আনহাতে আমৰেং, ৰংখাং , লাংহিন আৰু বোকাজান সমষ্টিৰ বাবে দলটোৱে পৰৱৰ্তী সময়ত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব।

উল্লেখ কৰা প্ৰয়োজন যে, অহা ২৩মে তাৰিখে ৮জুনত অনুষ্ঠিত হবলগীয়া নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন। ইয়াৰ পিছদিনা উক্ত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হব লগতে কোনোবাই মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব খুজিলে সেইদিনাই এয়া প্ৰত্যাহাৰ কৰাৰ পিছত প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা ২৪মে বিয়লি ঘোষণা কৰা হব।

৮জুনৰ পুৱা ৭.৩০বজাৰ ৪.৩০বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হব আৰু প্ৰয়োজন হলে ১০জুনত ৭.৩০বজাৰ পৰা ৪.৩০বজালৈ পুনঃভোটগ্ৰহণ সম্পন্ন কৰা হব। ১২জুনত পুৱা ৮বজাৰ পৰা ভোটগণনাৰ অন্তত পৰৱৰ্তী স্বায়ত্ত পৰিষদ কাৰ নেতৃত্বত গঠিত হব সেয়া নিশ্চিত হব।

তাৎপৰ্যপূৰ্ণ যে, মাজত মাত্ৰ এটা দিনহে কাৰ্যালয় খোলাৰ দিন আছেগৈ যদিও এই পৰ্যন্ত শাসক দল বিজেপিয়ে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা ঘোষণা কৰিব পৰা নাই। প্ৰাৰ্থিত্বকেন্দ্ৰিক টনা-আজুৰাৰ বাবেই ভাগে ভাগে নিৰন্তৰ আলোচনা অনুষ্ঠিত হৈছে। বিজেপি সূত্ৰৰ খবৰ মতে, আজি সন্ধিয়াৰ ভিতৰত পৰ্যবেক্ষক সকলৰ মতামতৰ তালিকা ৰাজ্যিক কাৰ্যালয়লৈ প্ৰেৰণ কৰাৰ পাছতে নিশা অথবা কালিলৈ পুৱা এই তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in