আন্তঃৰাষ্ট্ৰীয়

কানাডাত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত নিহত ভাৰতীয় ছাত্ৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : কানাডা চহৰৰ মেইন ষ্ট্ৰীটত অচিনাক্ত দুৰ্বৃত্তই এগৰাকী ভাৰতীয় ছাত্ৰক গুলিয়াই হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে। গাড়ীৰ ভিতৰতে থকা অৱস্থাত ভাৰতীয় ছাত্ৰজনক দুৰ্বৃত্তই হত্যা কৰা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে লাভ কৰা তথ্যমতে নিহত ছাত্ৰজনৰ নাম ছিৰাগ আন্টিল। ২৪ বছৰীয়া ছিৰাগে হাৰিয়ানাৰ পৰা কানাডালৈ বুলি অধ্যয়নৰ বাবে গৈছিল।

আৰক্ষীয়ে এই ঘটনাৰে জড়িতক আটক কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰলৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰিব পৰা নাই। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে কানাডাত ভাৰতীয় নাগৰিকৰ ওপৰত শেহতীয়াকৈ আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে।