আন্তঃৰাষ্ট্ৰীয়

কানাডাত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে ভাৰতীয় মূলৰ এজন ব্যক্তি আৰু তেওঁৰ ১১ বছৰীয়া পুত্ৰক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কানাডাত বৃদ্ধি হৈ অহা হিংসাত্মক কাৰ্যাকালপৰ মাজতে ভাৰতীয় মূলৰ এগৰাকী শিখ ব্যক্তি আৰু তেওঁৰ ১১ বছৰীা সন্তানত গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই। জানিব পৰা মতে হিংসাত নিহত হোৱা ৪১ বছৰীয়া হৰপ্ৰীত সিং উপ্পল কানাডাৰ সংগঠিত অপৰাধ ক্ষেত্ৰৰ এজন কুখ্যাতলোক আছিল।

এডমণ্টন আৰক্ষীয়ে শুকুৰবাৰে সাংবাদিকক জনোৱা অনুসৰি বৃহস্পতিবাৰে দিনৰ ভাগত এটা গেছ ষ্টেচনৰ বাহিৰত দুয়োকে গুলীয়াই হত্যা কৰে। গুলীচালনাৰ সময়ত তেওঁলোক গাড়ীত আছিল। গাড়ীখনত হৰপ্ৰীতৰ পুত্ৰৰ বন্ধুও আছিল। অৱশ্যে তেওঁৰ দেহত কোনো আঘাতৰ চিন পোৱা নাই।

আৰক্ষীয়ে এতিয়ালৈকে এই ঘটনা সন্দৰ্ভত কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। হৰপ্ৰীতৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহকে ধৰি বিভিন্ন অপৰাধমূলত কাম সংঘটিত কৰাৰ অভিযোগ আছে। অৱশ্যে তেওঁ কোনো গোটৰ লগত জড়িত আছে নে নাই সেই বিষয়ে আৰক্ষীয়ে এতিয়ালৈকে জানিব পৰা নাই।