আন্তঃৰাষ্ট্ৰীয়

আকৌ প্ৰতিবাদ কৰিলেই গ্ৰেপ্তাৰ হ'ব ইমৰাণ খান !

Asomiya Pratidin

ডিজিটেল ডেস্ক : অস্থিৰ পাকিস্তানৰ ৰাজনৈতিক অৱস্থা । চৰকাৰ ভঙা-গঢ়া সামান্য কথা সামৰিক অভ্যূত্থানে জুৰুলা কৰা পাকিস্তানৰ বাবে । ইয়াত মূল্য নাই ৰাজনৈতিক সদিচ্ছাৰ । ইয়াত মূল্য নাই দুৰদৰ্শিতাৰ । কিয়নো দীঘলীয়া পৰিকল্পনাই কোনো ৰাজনৈতিক নেতাকেই সকাহ দিব পৰা নাই দেশখনত । লাগে মাথো সাময়িক আৰু তাৎক্ষণিক ফলাফল । তাৰেই মাজতেই বহু কেই গৰাকী নেতাই আভ্যন্তৰীণ কণ্ডলৰ বাবেই কৰিব লগীয়া হৈছিল পদত্যাগ । সকলো সময়তেই এক সন্ত্ৰাসত দিন কটাইছে পাকিস্তানী নেতাসকলে ।

তাৰে মাজতেই পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ শেহতীয়া 'জেল ভ'ৰো টেহৰীক'ৰ বাবে পাকিস্তানৰ শাসনাধিষ্ঠ চৰকাৰে ল'বলগীয়া হ'ল এক কঠোৰ সিদ্ধান্ত ।পাকিস্তানৰ আভ্যন্তৰীণ মন্ত্ৰী ৰাণা চানাউল্লাহে এই সন্দৰ্ভত দিয়া মন্তব্য অনুসৰি, আকৌ নতুন প্ৰতিবাদ কৰিলেই গ্ৰেপ্তাৰ কৰা হ'ব ইমৰাণ খানক ।

আনহাতে, পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী তথা টেহৰীক এ ইনছাফৰ মুৰব্বী গৰাকীৰ মন্তব্য অনুসৰি, শাসনাধিষ্ঠ চৰকাৰে ইমৰাণ খানৰ দলটিৰ সদস্য সকলক ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত বন্দী কৰি নিৰ্বাচনত পলম কৰিব বিচাৰিছে যাতে ই শাসনাধিষ্ঠ দলটিৰ বাবে সুবিধাজনক হৈ পৰিব । ইমৰাণ খানে এই মন্তব্য কৰিছিল তেখেতৰ দলৰ উপ-সভাপতি ফাৱাদ চৌধুৰী আৰু সাংসদৰ প্ৰাক্তন সদস্য শ্বান্দনা গুলজাৰৰ ওপৰত চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপ কৰাৰ পাছতেই ।

আনহাতে, শাসনাধিষ্ঠ চৰকাৰৰ মন্তব্য অনুসৰি, ইমৰাণ খানে কেৱল চৰকাৰৰ বিৰুদ্ধে সাধাৰণ ৰাইজৰ মনত ভ্ৰান্ত ধাৰণা কিছুমান সুমুৱাই দি অস্থিৰ কৰি তুলিব বিচাৰিছে ৰাজনৈতিক বাতাবৰণ । ইয়াৰ ওপৰিও ইমৰাণ খানে সময়ৰ পূৰ্বে নিৰ্বাচনৰ বাবে জনোৱা দাবী খাৰিজ কৰিছে চৰকাৰে ।