'প্ৰৱঞ্চক প্ৰৱঞ্চকেই, ভাৰতক বন্ধকত থৈ আদানীয়ে চলাইছে লুটপাত'
'প্ৰৱঞ্চক প্ৰৱঞ্চকেই, ভাৰতক বন্ধকত থৈ আদানীয়ে চলাইছে লুটপাত' 
আন্তঃৰাষ্ট্ৰীয়

'প্ৰৱঞ্চক প্ৰৱঞ্চকেই, ভাৰতক বন্ধকত থৈ আদানীয়ে চলাইছে লুটপাত'

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আমেৰিকাৰ গৱেষণা সংস্থা হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনে জোকাৰিছে আদানীৰ সাম্ৰাজ্য। যাৰ বাবে আদানী গ্ৰুপে এই প্ৰতিবেদনৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ বাধ্য হৈছিল।

প্ৰতিবেদনখনৰ স্থিতি স্পষ্ট কৰি আদানী গ্ৰুপে কৈছিল এইয়া ভাৰতৰ ওপৰত আক্ৰমণ। আদানী গ্ৰুপৰ এই অভিযোগৰ পিছতে হিণ্ডেনবাৰ্গে পুনৰ প্ৰত্যুত্তৰ আগবঢ়াইছে।

হিণ্ডেনবাৰ্গে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে, আদানী গ্ৰুপে ভাৰতৰ ভৱিষ্যতক বন্ধকত থৈছে। ভাৰতৰ পতাকা ব্যৱহাৰ কৰি আদানী গ্ৰুপে পদ্ধতিভাৱে দেশখনক লুটপাত কৰিছে।

ইয়াৰোপৰি আদানী গ্ৰুপে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনখনৰ পৰা জনসাধাৰণৰ মনোযোগ আঁতৰাই ৰাখিবলৈ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন কৰিছে। গৱেষণা সংস্থাটোৱে তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্পষ্টকৈ কৈছে, প্ৰৱঞ্চক প্ৰৱঞ্চকেই।

বিশ্বৰ এজন ধনী ব্যক্তিয়ে সংঘটিত কৰিলেও ই প্ৰৱঞ্চনাই। অৱশ্যে সংস্থাটোৱে এই প্ৰতিক্ৰিয়াৰ মাজতে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাক প্ৰশংসাও কৰিছে।