আন্তঃৰাষ্ট্ৰীয়

যুদ্ধ বিৰতিঃ চুক্তিৰ আধাৰত হামাছে মুকলি কৰি দিলে ১৩ গৰাকী ইজৰাইলীক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গাজাত ৪৮ দিন ধৰি চলি থকা যুদ্ধৰ অন্তত শুকুৰবাৰে যুদ্ধ বিৰতি ঘোষণা কৰে দুয়ো পক্ষৰ পৰা। ইয়াৰ অধীনত হামাছ- ইজৰাইলে ৪ দিনলৈ কোনো ধৰণৰ আক্ৰমণ নকৰে।ইয়াৰ লগতে হামাছে মুকলি কৰি দিয়ে বন্দী বনাই থোৱা ১৩ গৰাকীকৈ ইজৰাইলী লোকক।

বন্দী হৈ থকা এই লোকসকল থাইলেণ্ডৰ বাসিন্দা। ইতিমধ্যে এই লোকসকলক হামাছে ৰেড ক্ৰছৰ হাতত গতাই দিছে। এতিয়াও হামাছে প্ৰায় ২০০ লোকক বন্দী কৰি থৈছে। হামাছ আৰু ইজৰাইলক চাৰিদিনীয়া যুদ্ধবিৰতিত প্ৰথমবাৰৰ বাবে ১৩ জন বন্দীক মুক্তি দিয়া হৈছে। ইয়াৰ বিনিময়ত ইজৰাইলে আজি ৩৯ জন পেলেষ্টাইনী লোকক ৰাফা সীমান্তত মুকলি কৰি দিব।

উল্লেখ্য যে, যুদ্ধৰ মাজতে ইজৰাইল চৰকাৰে হামাছৰ লগত এক চুক্তি হৈছিল। ইয়াৰ অধীনত ইজৰাইলে হামাছৰ ১৫০ জন বন্দীক মুক্তি দিব আৰু হামাছে ৫০ জন ইজৰাইলী বন্দীক মুক্তি দিব।

মুঠ ২৩৬ জন ইজৰাইলীক এতিয়াও হামাছে বন্দী কৰি ৰাখিছে। হামাছে ইজৰাইলক দৈনিক ১০ জন বন্দীৰ মুক্তিৰ বিনিময়ত যুদ্ধবিৰতি কৰাৰ দাবী কৰিছে।

৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছে আক্ৰমণ চলাইছিল। তেতিয়াৰ পৰা এই যুদ্ধ অব্যাহত আছে। বৰ্তমানলৈ এই যুদ্ধত বহু লোকৰ মৃত্যুও হৈছে।