যাত্ৰীবাহী আৰু মালবাহী ৰেলৰ মাজত সংঘৰ্ষঃ ৩৬ জনৰ মৃত্যু, ৩০০ ৰো অধিক আহত...
যাত্ৰীবাহী আৰু মালবাহী ৰেলৰ মাজত সংঘৰ্ষঃ ৩৬ জনৰ মৃত্যু, ৩০০ ৰো অধিক আহত...  
আন্তঃৰাষ্ট্ৰীয়

যাত্ৰীবাহী আৰু মালবাহী ৰেলৰ মাজত সংঘৰ্ষঃ ৩৬ জনৰ মৃত্যু, ৩০০ ৰো অধিক আহত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ ৰে'ল দুৰ্ঘটনাই এই পৰ্যন্ত প্ৰাণ কাঢ়িলে ৩৬ জন লোকৰ। আহতৰ সংখ্যা ৩০০ ৰো অধিক। এখন যাত্ৰীবাহী ৰে'লৰ সৈতে মালবাহী ৰে'লৰ সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হৈছে।

গ্ৰীক চহৰ লাৰিছাত সংঘটিত হৈছে এই ভয়ংকৰ ৰে'ল দুৰ্ঘটনা। দুৰ্ঘটনাত আহত বহুতৰেই অৱস্থা সংকটজনক। হাস্পতালত এতিয়াও জীৱন, মৃত্যুৰে যুঁজ দি আছে বহুজনে। যাৰ বাবে এই দুৰ্ঘটনাত মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে।

খবৰ অনুসৰি নিশা পলমকৈ সংঘটিত হৈছিল এই দুৰ্ঘটনা। কিয় এইদৰে দুয়োখন ৰে'লৰ মাজত সংঘৰ্ষৰ সৃষ্টি হ'ল সেই তথ্য এই পৰ্যন্ত লাভ কৰা নাই। কাৰ ভুলৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল সেই বিষয়ে তদন্ত অব্যাহত আছে। সমান্তৰালকৈ ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান।

উল্লেখ্য যে, এই দুৰ্ঘটনা সন্দৰ্ভত গ্ৰীচৰ থেচালি অঞ্চলৰ গভৰ্ণৰ গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কৈছে যে, এখন যাত্ৰীবাহী ৰে'ল এথেন্সৰ পৰা উত্তৰৰ থেছালোনিকি চহৰলৈ যাত্ৰা কৰি আছিল। আনহাতে আন এখন মালবাহী ৰে'ল থেছালোনিকিৰ পৰা লাৰিছালৈ আহি আছিল।

দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত ৰেল দুয়োখনৰ কেইবাটাও ডবা জ্বলি যোৱাৰ লগতে কেইবাটাও ডবা লাইনচ্যুত হৈ পৰে।