আন্তঃৰাষ্ট্ৰীয়

কাৰাবন্দীৰ পৰ‍া প্ৰধান মন্ত্ৰী পদলৈ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : এক দশকতকৈও অধিক সময়জোৰা যাত্ৰাৰ ফচল মালেইছিয়াৰ ১০ম প্ৰধান মন্ত্ৰী আনৱাৰ ইব্ৰাহিম । বৃহস্পতিবাৰে দেশখনৰ প্ৰধান মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰি আৱেগিক হৈ পৰা আনৱাৰ ইব্ৰাহিমে অতীতৰ স্মৃতি পাহৰি দেশখনক অধিক শক্তিশালী কৰি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে সংবাদ মাধ্যমৰ সন্মুখত ।    

ইয়াৰ ওপৰিও, এক সুস্থ আৰু নিকা চৰকাৰ গঠনৰ বাবে আগ্ৰহী সকলোকেই আদৰণি জনাই মন্ত্ৰী গৰাকীয়ে । কোভিড সংকটৰ ফলত বিধ্বস্ত হৈ পৰা অৰ্থনীতি টনকিয়াল কৰাও মন্ত্ৰী গৰাকীৰ অন্যতম লক্ষ্য বুলিও জানিবলৈ দিয়ে আনৱাৰ ইব্ৰাহিমে ।সপ্তাহজোৰা নিৰ্বাচনৰ অন্তত বৃহস্পতিবাৰে মালেইছিয়ান ৰজাৰ হস্তক্ষেপত আনৱাৰ ইব্ৰাহিমক নিৰ্বাচন কৰা হয় এই পদৰ বাবে ।

উল্লেখ্য যে, ১৯৪৭ চনৰ ১০ আগষ্টত জন্ম গ্ৰহণ কৰা আনৱাৰ ইব্ৰাহিমে সক্ৰিয় ছাত্ৰনেতাৰ ৰূপত প্ৰৱেশ কৰিছিল ৰাজনীতিত । মালেইছিয়াৰ কুৱালা লামপুৰৰ বিভিন্ন মুছলমান ধৰ্মী সংগঠনৰ যুৱ মৰ্চাৰ দ্বায়িত্ব লাভ কৰা নেতা গৰাকীক দেশৰ দৰিদ্ৰতা আৰু দুৰ্ভিক্ষৰ ছবি দাঙি ধৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল বহু বাৰ ।

পৰৱৰ্তী সময়ত মালেইছিয়াৰ ৰাজনৈতিক দল 'সংযুক্ত মালেয় ৰাষ্ট্ৰীয় সংস্থা'ৰ সৈতে জড়িত হৈ সকলোকে আচৰিত কৰি তুলিছিল আনৱাৰে । দলটিৰ সেই সময়ৰ সভাপতি তথা দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মাহাথিৰ মহম্মদ সেই সময়ছোৱাত আনৱাৰৰ পথ প্ৰদৰ্শক হোৱাৰ সৈতেই পাছলৈ হৈ পৰিছিল ৰাজনৈতিক প্ৰতিদ্বন্দী ।

১৯৯৭ চনত দুয়োগৰাকী নেতাৰ মাজত বাঢ়ি অহা সংঘাতে বিষম ৰূপ লোৱাৰ সময়তেই বিভিন্ন কেলেংকাৰীত জড়িত থকাৰ অভিযোগত ২০ বছৰৰ বাবে কাৰাবন্দী কৰা হৈছিল আনৱাৰ ইব্ৰাহিমক । দেশখনৰ জনপ্ৰিয় নেতা আনৱাৰ ইব্ৰালহিমৰ সমৰ্থক সকলৰ প্ৰতিবাদত কাৰাগাৰৰ পৰা ২০০৪ চনত নেতা গৰাকীয়ে মুক্তি লাভ কৰে যদিও ২০১৪ চনত যৌন আতিশয্যৰ মিছা অভিযোগত পুনৰ গ্ৰেপ্তাৰ কৰা হয় নেতা গৰাকীক ।

ইয়াৰ পাছৰ দৃশ্যপট আনৱাৰ ইব্ৰাহিমৰ বাবে ১০০০ আৰবিয়ান নিশাৰ সাধুতকৈ কোনো গুণেই কম নহয় ।

২০১৮ চনত মালেইছিয়াৰ প্ৰধান মন্ত্ৰী ৰাজিৱ নাজাকৰ বিৰুদ্ধে কাৰাগাৰৰ পৰাই আৰম্ভ কৰে নিৰবাচনী প্ৰচাৰ । এই প্ৰচাৰৰ ফলস্বৰূপেই ২০২২ চনত প্ৰধান মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে নেতা গৰাকীয়ে ।