আন্তঃৰাষ্ট্ৰীয়

চৌদী আৰৱত খুলিব প্ৰথমখন সুৰাৰ দোকান...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চৌদি আৰৱৰ ৰাজধানী ৰিয়াদত খুলিব প্ৰথমখন সুৰাৰ দোকান। জানিব পৰা মতে চৌদি প্ৰিন্স মোহম্মদ বিন চলমানৰ নেতৃত্বত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চৌদি আৰৱৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ অৰ্থে ভিজন ২০৩০ যোজনাৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

তথ্য অনুসৰি গ্ৰাহকসকলে এটা মোবাইল এপৰ জৰিয়তে পঞ্জীয়ন কৰিব লাগিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা কোড পোৱাৰ পিছত তেওঁলোকৰ বাবে মাহিলী কোটা নিৰ্ধাৰণ কৰা হ'ব। নতুন দোকানখন ৰিয়াধৰ কূটনৈতিক বিষয়াসকলৰ কোৱাৰ্টাৰত হ'ব। এই দোকানখনে কেৱল কূটনৈতিকবিদসকলকহে সুৰা প্ৰদান কৰিব। এই ঠাইত বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত থাকে।

অৱশ্যে এয়া এতিয়াও স্পষ্ট হোৱা নাই যে আন অ-মুছলমান লোকসকলে দোকানখনৰ সুবিধা লাভ কৰিবনে নাই। এই দোকানখন অহা সপ্তাহৰ ভিতৰত খুলিব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে, চৌদী আৰৱক সুৰাক সৈ কঠোৰ আইন আছে। ইয়াৰ অধীনত শাৰীৰিক শাস্তি, বিতাড়ন, জৰিমনা বা কাৰাবাস আদি দিয়া হয়। মহম্মদ বিন শাসনলৈ অহাৰ পাছত চৌদীত বিভিন্ন পৰিবৰ্তন দেখা গৈছে। চৌদি আৰৱত সংগীত উৎসৱৰ অনুমতি দিছিল মহম্মদ বিনে।