আন্তঃৰাষ্ট্ৰীয়

তুৰস্কৰ ৰকেট প্ৰকল্পত বিস্ফোৰণ : নিহত ৫

Asomiya Pratidin

ডিজিটেল ডেস্ক : তুৰস্কৰ ৰকেট প্ৰকল্পত বিস্ফোৰণ। দেশখনৰ ৰাজধানী আঙ্কৰাৰ ওচৰৰ মেকানিকেল এণ্ড কেমিকেল ইণ্ডাষ্ট্ৰী কৰ্পোৰেচনত শনিবাৰে সংঘটিত হয় এই দুৰ্ঘটনাটি।

দেশখনৰ উক্ত ৰকেট নিৰ্মাণ প্ৰকল্পস্থলীত সংঘটিত বিস্ফোৰণৰ ফলত খহি পৰে এটি অট্টালিকা। যাৰ ফলত প্ৰকল্পটিত কৰ্মৰত ৫জনকৈ লোক নিহত হয় বুলি জানিব পৰা গৈছে।

আনহাতে, ডিনামাইট উৎপাদনৰ সময়ত ৰাসায়নিক বিক্ৰিয়াৰ ফলত বিস্ফোৰণ সংঘটিত হোৱা বুলি বিশেজ্ঞই মন্তব্য কৰে। অৱশ্যে ইয়াৰ প্ৰকৃত কাৰণ সন্দৰ্ভত বিভাগে তদন্ত অৱ্যাহত ৰাখিছে।

বিস্ফোৰণৰ পাছতেই অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।ইফালে,ভয়াৱহ বিস্ফোৰণৰ সময়ছোৱাত সমগ্ৰ চৌহদটি ধোঁৱাই আৱৰি ধৰে, যাৰ বাবে শ্ৰমিকসকলক উদ্ধাৰ কৰাত কিছু পলম হয়।