পুনৰ এক ভূমিকম্পই জোকাৰি গ'ল তুৰস্ক...
পুনৰ এক ভূমিকম্পই জোকাৰি গ'ল তুৰস্ক... 
আন্তঃৰাষ্ট্ৰীয়

পুনৰ এক ভূমিকম্পই জোকাৰি গ'ল তুৰস্ক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ এক ভূমিকম্পই জোকাৰি গ'ল তুৰস্ক। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য ৬.৪। এই ভূমিকম্পৰ উৎপত্তিস্থল তুৰস্কৰ দক্ষিণ পূব হাতাইৰ পৰা ৭.৭ কিলোমিটাৰ গভীৰতাত।

উল্লেখ্য যে যোৱা ৬ ফেব্ৰুৱাৰীত ৭.৮ প্ৰাবল্যৰ ভূমিকম্পই ধ্বংসস্তূপত পৰিণত কৰিছিল তুৰস্কক।

ইয়াৰ পৰৱৰ্তী সময়তো ধাৰাবাহিক ভাৱে অহা কেইবাটাও ভূমিকম্পৰ ফলত তুস্কৰত ৪১ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে।