নেপালত আকৌ ভূমিকম্পৰ ধ্বংসলীলাঃ এই পৰ্যন্ত ৭০ জনকৈ লোকৰ মৃত্যু...
নেপালত আকৌ ভূমিকম্পৰ ধ্বংসলীলাঃ এই পৰ্যন্ত ৭০ জনকৈ লোকৰ মৃত্যু... 
আন্তঃৰাষ্ট্ৰীয়

নেপালত আকৌ ভূমিকম্পৰ ধ্বংসলীলাঃ এই পৰ্যন্ত ৭০ জনকৈ লোকৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে নিশা অহা ভূমিকম্পত পুনৰ ধ্বংসলীলা চলিল চুবুৰীয়া নেপালত। ৰিখটাৰ স্কেলত ৬.৪ তীব্ৰতাৰ এই ভূমিকম্পৰ প্ৰভাৱ পৰিল ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী পৰ্যন্ত।

প্ৰায় ৪০ ছেকেণ্ড ধৰি অব্যাহত থকা এই ভূমিকম্পৰ ফলত শ শ বাসগৃহকে ধৰি অন্যান্য প্ৰতিষ্ঠানৰ গৃহ ধ্বংস হৈছে। ফলত ৭০ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে।

ইফালে এই ভূমিকম্পৰ পাছতে বাতৰি লিখাৰ সময়লৈকে মুঠ ৩ বাৰ নেপালত ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰিছে। ভূমিকম্প আৰু ইয়াৰ পাছত হোৱা জোকাৰণিত ক্ষয় ক্ষতিৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে।

এই ভূমিকম্পই সকলোৰে মনত ২০১৫ ৰ ২৫ এপ্ৰিলত অহা ভূমিকম্পৰ স্মৃতি সজীৱ কৰি তুলিছে। য'ত ৯০০০ লৈ লোকৰ মৃত্যু হৈছিল। ইয়াৰোপৰি আহত হৈছিল ২২ হাজাৰতকৈ অধিক লোক। গৃহহীন হৈছিল ৩৫ লাখৰো অধিক লোক।

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞানৰ অনুসৰি শুকুৰবাৰৰ নিশা ১১ বাজি ৩২ মিনিটত অহা এই ভূমিকম্পৰ উৎপত্তিস্থল আছিল নেপালৰ অযোধ্যাৰ পৰা ২২৭ কিলোমিটাৰ উত্তৰ দিশে আৰু কাঠামাণ্ডুৰ পৰা ৩৩১ কিলোমিটাৰ পশ্চিম, উত্তৰ পশ্চিম দিশে ভূগৰ্ভৰ পৰা ১০ কিলোমিটাৰ তলত।

ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীতো অনুভৱ হোৱা এই ভূমিকম্পৰ ফলত লোকসকল বাসগৃহ এৰি মুকলি স্থানলৈ ওলাই অহা বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি উত্তৰ প্ৰদেশ, লক্ষ্ণৌ, ফিৰোজাবাদ, আমেঠি, প্ৰতাপগড়, গৌৰখপুৰকে ধৰি বিভিন্ন স্থানত কম্পন অনুভৱ হয়।

উল্লেখ্য যে, চলিত মাহত এয়া আছিল নেপালত অহা তৃতীয়টো ভূমিকম্প। নেপালত ভূমিকম্প কোনো নতুন কথা নহয়। সময়ে সময়ে নেপালত ভূমিকম্প আহি থাকে। কেতিয়াবা এই ভূমিকম্পই বিস্তৰ ক্ষতি কৰে আৰু কেতিয়াবা কোনো ক্ষতি নকৰাকৈ ভূমিকম্পৰ জোকাৰণিৰে পূৰ্বৰ ভয়াৱহতাৰ কথা সোঁৱৰাই থৈ যায়।

নেপালত সঘনে ভূমিকম্প অহাৰ কাৰণ হৈছে দেশখন যি পৰ্তমালাত অৱস্থিত সেই পৰ্বতমালাত তিব্বতী আৰু ভাৰতীয় টেকটনিক প্লেটচবোৰ মিলিত হয়। প্ৰতি শতিকাত এই প্লেটবোৰ প্ৰায় ২ মিটাৰ কাষলৈ যায়। ফলত চাপ আৰু ভূমিকম্প আহে।

নেপাল এটা পৰ্বতমালাত অৱস্থিত য'ত তিব্বতী আৰু ভাৰতীয় টেকটনিক প্লেটবোৰ মিলিত হয় আৰু প্ৰতি শতিকাত ইজনে সিজনৰ প্ৰায় দুই মিটাৰ ওচৰলৈ যায়, যাৰ ফলত চাপ আৰু ভূমিকম্প হয়। ইয়াৰ পূৰ্বে, যোৱা ১৬ অক্টোবৰত নেপালৰ সুদূৰ পশ্চিম প্ৰদেশত ৪.৮ প্ৰাবল্যৰ আন এক ভূমিকম্প হৈছিল।