ভূমিকম্পই ধ্বংস্তূপলৈ পৰিণত কৰা তুৰস্কলৈ ভাৰতৰ উদ্ধাৰকাৰী দল, প্ৰেৰণ সাহায্য সামগ্ৰী....
ভূমিকম্পই ধ্বংস্তূপলৈ পৰিণত কৰা তুৰস্কলৈ ভাৰতৰ উদ্ধাৰকাৰী দল, প্ৰেৰণ সাহায্য সামগ্ৰী.... 
আন্তঃৰাষ্ট্ৰীয়

ভূমিকম্পই ধ্বংস্তূপলৈ পৰিণত কৰা তুৰস্কলৈ ভাৰতৰ উদ্ধাৰকাৰী দল, প্ৰেৰণ সাহায্য সামগ্ৰী....

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভূমিকম্পই ধ্বংস্তূপলৈ পৰিণত কৰা তুৰস্ক আৰু চিৰিয়ালৈ ভাৰতৰ সহায়ৰ হাত। দেশখনৰ ক্ষতিগ্ৰস্থ লোকসকলক উদ্ধাৰ আৰু সাহায্যৰ বাবে ভাৰতে অনুসন্ধানকাৰী দল আৰু খাদ্য সামগ্ৰী প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে দেশখনক এই প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ পৰ্যাপ্ত সহায়, সহযোগিতা কৰিবলৈ সাজু বুলি প্ৰকাশ কৰিছে।

উল্লেখ্য যে, সোমবাৰে পুৱা দক্ষিণ পূব তুৰস্ক আৰু চিৰিয়াক ৭.৮ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায়। ফলত এই পৰ্যন্ত ৫৩০ জনৰো অধিক লোকৰ মৃত্যু হৈছে। আহতৰ সংখ্যাৰ কোনো হিচাপ নাই।

সেয়েহে সময় বাগৰাৰ লগে লগে মৃত্যুৰ সংখ্য়া বৃদ্ধি হৈ গৈ আছে। আনহাতে ধ্বংসস্তূপৰ মাজত এতিয়াও আৱদ্ধ হৈ আছে বহু লোক। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজৰ টুইটাৰ হেণ্ডেলৰ জৰিয়তে ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে দুখ প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

সমান্তৰালকৈ টুইটাৰৰ জৰিয়তেই তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিচেপ তাইপ এৰ্দোগানক কয় যে, এই দুৰ্যোগৰ সময়ত তেওঁলোককক সহায়, সহযোগিতা কৰিবলৈ ভাৰত সকলো ধৰণে সাজু হৈ আছে। একেদৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশ অনুসৰি তেওঁ প্ৰধান সচিব পি কে মিশ্ৰাই তাৎক্ষণিক সাহায্য ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিবলৈ চাউথ ব্লকত এখন বৈঠক অনুষ্ঠিত কৰিছে।

সমান্তৰালকৈ ভাৰতৰ এন ডি আৰ এফৰ দুটা দল, বিশেষভাৱে প্ৰশিক্ষিত কুকুৰ দল আৰু প্ৰয়োজনীয় সঁজুলি, সাহায্য লৈ তুৰস্কৰ ভূমিকম্পপীড়িত এলেকালৈ উৰা মাৰিবলৈ সাজু হৈছে। এই দুয়োটা দলত আছে প্ৰায় ১০০ জন বিষয়া তথা জোৱান।

আনহাতে ভূমিকম্পপীড়িত অঞ্চললৈ ভাৰতৰ প্ৰশিক্ষিত চিকিৎসক আৰু অত্যাৱশ্যকীয় ঔষধৰ সৈতে এটা চিকিৎসা দলো প্ৰেৰণৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।