পাকিস্তানত নিষিদ্ধ হ'ব ইমৰান খানৰ দল ! 'কেপ্টেইন'ৰ বিৰুদ্ধে ১২১ টা গোচৰ ৰুজু....
পাকিস্তানত নিষিদ্ধ হ'ব ইমৰান খানৰ দল ! 'কেপ্টেইন'ৰ বিৰুদ্ধে ১২১ টা গোচৰ ৰুজু....  
আন্তঃৰাষ্ট্ৰীয়

পাকিস্তানত নিষিদ্ধ হ'ব ইমৰান খানৰ দল ! 'কেপ্টেইন'ৰ বিৰুদ্ধে ১২১ টা গোচৰ ৰুজু....

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অশান্ত হৈ আছে পাকিস্তান। ইমৰান খানৰ গ্ৰেপ্তাৰৰ পাছৰে পৰা চুবুৰীয়া দেশখনত গৃহযুদ্ধৰ সূচনা হৈছে। এনে এক পৰিস্থিতিত ইমৰান খানৰ ৰাজনৈতিক দল তেহৰিক-ই-ইনছাফক নিষিদ্ধ কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে বুলি দাবী কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।

সোমবাৰে নিজৰ টুইটাৰৰ হেণ্ডেলৰ জৰিয়তে ইমৰান খানে কৈছে, প্ৰায় ৭ হাজাৰ পি টি আই সমৰ্থকক গ্ৰেপ্তাৰ কৰা হৈছে। হিংসাৰ আঁৰত কোন আছে সেই বিষয়ে তদন্ত নকৰাকৈয়ে আমাৰ সমৰ্থক, নেতৃত্বক আৰু মহিলাসকলক জে'ললৈ নিক্ষেপ কৰা হৈছে।

আমাৰ দলক নিষিদ্ধ কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে। তেওঁ আৰু লিখিছে, ইয়াৰ মাজতে নিৰাপত্তা সংস্থাবোৰৰ সহযোগত উচ্চতম ন্যায়ালয় দখল কৰিছে গুণ্ডাবোৰে। সংবিধানক ধ্বংস কৰা হৈছে। এইবাৰ যদি এনে হয়, তেন্তে পাকিস্তানক লৈ আমি যিবোৰ সপোন দেখিছো সেই বোৰ শেষ হৈ যাব।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে এসময়ত পাকিস্তান সেনাৰ পোষ্টাৰ বয় আছিল ইমৰান খান। কিন্তু সেই ইমৰান খানেই এতিয়া পাকিস্তান সেনাৰ ৰোষত পৰিছে। তেওঁক সেনা বাহিনীয়েই ক্ষমতাহীন কৰিছে বুলি বাৰে বাৰে উল্লেখ কৰিছে।

এইবাৰ সেনা বাহিনীয়ে ইমৰান খানৰ দলটোক লক্ষ্য কৰি লৈছে বুলি দাবী কৰিছে। উল্লেখ্য যে, ইমৰান খানৰ বিৰুদ্ধে এই পৰ্যন্ত সৰ্বমুঠ ১২১ টাকৈ গোচৰ ৰুজু কৰা হৈছে। এই গোচৰ বোৰৰ ভিতৰত আছে বিশ্বাসঘাটকতা, ধৰ্মীয় অৱমাননা, হিংসা আৰু সন্ত্ৰাস আদি।