আন্তঃৰাষ্ট্ৰীয়

প্ৰতিবাদীসকলক সাহস প্ৰদান কৰা চিতা পোৱালি পিৰৌজ আৰু নাই...

Asomiya Pratidin

ডিজিটেল ডেস্ক : ইৰাণৰ প্ৰতিবাদী সত্বাসমূহৰ সৈতে সমগ্ৰ বিশ্বই পৰিচিত । প্ৰখ্যাত কবি ফিৰদৌচি ফিৰদৌচিৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ সময়লৈকে ইৰানিয়ান লোকসকল বিখ্যাত নিজৰ প্ৰতিবাদী কন্ঠৰ বাবেও । শেহতীয়াকৈ ২২ বছৰীয়া যুৱতী মাহছা আমিনিৰ মৃত্যুৱে সমগ্ৰ দেশতেই সৃষ্টি কৰিছিল চৰকাৰ বিৰোধী আন্দোলনৰ । এই আন্দোলনত সমগ্ৰ দেশ উত্তাল হৈ পৰিছিল মুহুৰ্তৰ ভিতৰতেই । চৌদিশে কেৱল প্ৰতিবাদী কন্ঠ । শাসকতন্ত্ৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল সমগ্ৰ ৰাষ্ট্ৰ ।

এই প্ৰতিবাদীসকলৰ সাহসৰ প্ৰতীক আছিল এটি এছিয়াটিক চিতা বাঘৰ পোৱালি । বিলুপ্তিৰ পথত ধীৰে ধীৰে আগুৱাই যোৱা এই প্ৰজাতিৰ জিতা পোৱালিটোৱে বহু বাধা অতিক্ৰম কৰি জীৱন যুদ্ধত অৱতীৰ্ণ হৈছিল । যাৰ ফলতেই সমগ্ৰ ৰাষ্ট্ৰখনৰ বাবে এক আশাৰ, সাহসৰ প্ৰতীক ৰূপে থিয় দিছিল পিৰৌজ নামৰ পোৱালিটো । কিন্তু সেই পিৰৌজ আৰু নাই । বৃক্কৰ সমস্যাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল'লে পিৰৌজে ।

সমগ্ৰ দেশখনত পি্ৰোজৰ প্ৰজাতিৰ বাঘ আছিল মাত্ৰ ১২ টা । আৰু সেই বাবেই পিৰৌজৰ যাত্ৰা অবিস্মৰণীয় আছিল ইৰানিয়ান সকলৰ বাবে । পিৰৌজ যেন এক সাহস জীৱন যুদ্ধত হাৰ নমনাৰ ।

এতিয়া পিৰৌজক হেৰুৱাই দুখত ভাঙি পৰিছে সমগ্ৰ দেশবাসী । কিয়নো চিতা বাঘ ইৰাণৰ বাবে গৌৰৱৰ প্ৰতীক । পূৰ্বৰে পৰাই পাৰ্চিয়ান কবিতা সমূহত স্থান লাভ কৰিছিল চিতা বাঘে । কেৱল সেয়াই নহয়, বৰং ইৰাণৰ ফুটবল দলটোৰ জাৰ্ছীটো অছে চিতা বাঘ এটি শক্তি আৰু বেগৰ ৰূপ হিচাপে ।

২০২২ বৰ্ষৰ মে' মাহত জন্ম লাভ কৰিছিল পিৰৌজে । কিন্তু জন্মৰ মুহুৰ্ততেই ত্যাগ কৰিছিল মাতৃয়ে । যাৰ ফলত কঠিন হৈ পৰিছিল পিৰৌজৰ জীৱন সংগ্ৰাম । পিৰৌজৰ সৈতে জন্ম লাভ কৰা আন দুটা চিতা পোৱালি জন্মৰ কিছু দিনৰ ভিতৰতেই মৃত্যুৰ মুখত পৰিছিল । আছিল কেৱল পিৰৌজ । আন দুটা পোৱালিৰ মৃত্যুতো ক্ষোভ প্ৰকাশ কৰিছিল সমগ্ৰ দেশবাসীয়ে । যাৰ বাবেই পিৰৌজৰ দায়িত্ব সমৰ্পন কৰা হৈছিল আলিৰেজা শ্বাহাৰদ্ৰি নামৰ এগৰাকী পৰিৱেশ সচেতন লোকক । প্ৰত্যেক নিশা আলিৰেজাৰ কাষতেই নিদ্ৰাত ধলি পৰিছিল পিৰৌজ । যি সামাজিক মাধ্যমত প্ৰকাশ হোৱাৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি কৰিছিল চৌদিশে ।

এতিয়া পিৰৌজ নাই, পিৰৌজৰ লগত যেন হেৰাই যাব ধৰিছে ইৰাণৰ প্ৰতিবাদী কন্ঠও...