আন্তঃৰাষ্ট্ৰীয়

ছাম্বাৰ তালে তালে নাচিবলৈ সাজু ব্ৰাজিল...

Asomiya Pratidin

ডিজিটেল ডেস্ক : শুক্ৰবাৰে নিশা ৮.৩০ বজাত আৰম্ভ হ'ব কাটাৰ বিশ্বকাপৰ প্ৰথমখনি কোৱাৰ্টাৰ ফাইনেল । এই কোৱাৰ্টাৰ ফাইনেলত শক্তিশালী ব্ৰাজিলৰ সন্মুখীন হ'ব বিগত বিশ্বকাপৰ দ্বিতীয় স্থানপ্ৰাপ্ত ক্ৰ'ৱেছিয়া । চলিত কাটাৰ বিশ্বকাপত শক্তিশালী প্ৰদৰ্শন দাঙি ধৰ‍া ব্ৰাজিলৰ খেলুৱৈ সকলৰ ছাম্বাৰ তালে তালে নাচিবলৈ যেন সাজু হৈ উঠিছে সমূহ দৰ্শক । ব্ৰাজিলৰ ফুটবল খেলুৱৈ সকল পূৰ্বৰে পৰাই খেলত বিভিন্ন কলা কৌশল তথা উদযাপনৰ শৈলীৰ বাবে বিখ্যাত । তেনেস্থলত কোৱাৰ্টাৰ ফাইনেলতো অনুৰূপ প্ৰদৰ্শনৰ আশা কৰা হৈছে খেলুৱৈ সকলৰ পৰা ।

উল্লেখ্য যে, ব্ৰাজিলৰ দলটি বৰ্তমান তাৰকা খেলুৱৈৰে সমৃদ্ধ । বিশ্ব বিখ্যাত খেলুৱৈ নেইমাৰ, ভিনিচিয়াছ জুনিয়ৰ, ৰিচাৰ্লিচন, কাছামিৰো, পেদ্ৰো, ডানি এলভেছৰে শক্তিশালী হৈ উঠা দলটিক পৰাস্ত কৰা সহজ নহ'ব ক্ৰোৱেছিয়াৰ বাবে । আনহাতে, ক্ৰৱেছিয়া দলটিত আছে লুকা মদ্ৰিছৰ দৰে অভিজ্ঞ খেলুৱৈ যি খেলৰ অন্তিম মূহুৰ্ততো সলনি কৰিব পাৰে খেলৰ ফলাফল ।

ক্ৰ'ৱেছিয়াৰ বাবে বৰ্তমান কেৱল নেইমাৰেই মূৰৰ কামোৰণি হৈ থকা নাই, সাম্ভাৱ্য সকলো সুযোগকেই গ'ললৈ ৰুপান্তৰ কৰা ৰিচাৰ্লিচনৰ ওপৰতো ডিফেণ্ডাৰ সকলে ৰাখিব লাগিব বিশেষ নজৰ । আনহাতে, ব্ৰাজিলৰ ডিফেণ্ডাৰ সকলক বশ কৰি গ'ল দিবলৈ যেন কিছু সংগ্ৰাম কৰিব লাগিব ক্ৰ'ৱেছিয়াৰ ফৰৱাৰ্ডে ।

উল্লেখ্য যে, বিশ্বকাপৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আৰ্জেন্টিনাৰ সন্মুখীন হ'ব নেডাৰলেণ্ড । শনিবাৰে নিশা ১২.৩০ বজাত অনুষ্ঠিত হ'ব লগীয়া এই খেলখনত দুয়োটা দলেই প্ৰায় সম পৰ্যায়ৰ খেল প্ৰদৰ্শন কৰি আহিছে কিন্তু নেডাৰলেণ্ডৰ ডিফেণ্ডাৰ বাহিনীৰ শৈলী আৰ্জেন্টিনাৰ বিশ্ব বিশ্ৰুত তাৰকা খেলুৱৈ লিয়নেল মেছিৰ কঠিন নহয় ভেদ কৰিবলৈ কিয়নো পেনাল্টী বক্সৰ ভিতৰত অহা সুযোগ গ'ললৈ ৰূপান্তৰ কৰিবলৈ সংগ্ৰাম কৰিব লগীয়া হোৱা নাই আৰ্জেন্টিনাৰ ফৰৱাৰ্ডৰ খেলুৱৈসকলৰ ।