আন্তঃৰাষ্ট্ৰীয়

আমেৰিকা প্ৰশাসনিক সন্মিলন পৰিষদৰ সদস্য হিচাপে ভাৰতীয়মূলৰ ব্যক্তিক নিযুক্তি

Asomiya Pratidin

ডিজিটেল ডেস্ক : ক্ৰীড়া,ৰাজনীতি,বিজ্ঞান আদি ক্ষেত্ৰত বহু ভাৰতীয়মূলৰ লোকে বিশ্বৰ দৰবাৰত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছে। যাৰ বাবে নিজৰ লগতে দেশৰ নামো বিশ্বত উজলাই তুলিছে।

এনে সময়তে ভাৰতবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী ভাৰতীয় বংশোদ্ভৱৰ লোকে। আমেৰিকাৰ প্ৰশাসনিক সন্মিলনৰ এটি গুৰুত্বপূৰ্ণ পদত নিযুক্তি দিয়া হৈছে এগৰাকী ভাৰতীয়মূলৰ লোকক।

যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনে নিযুক্তি দিছে এইগৰাকী ভাৰতীয় বংশোদ্ভৱৰ লোকক। তেওঁ হৈছে শকুন্তলা এল ভায়া। ৰাষ্ট্ৰপতিৰ নিৰ্দেশমৰ্মে ভায়াক আমেৰিকা প্ৰশাসনিক সন্মিলন পৰিষদৰ সদস্য হিচাপে নিযুক্তি দিয়া হয়।

উল্লেখযোগ্য যে এই নিযুক্তি প্ৰক্ৰিয়াত ভালেকেইগৰাকী ব্যক্তিক বাইডেনে নিযুক্তি দিয়ে যদিও ভাৰতীয়মূলৰ ব্যক্তি হিচাপে ভায়া অন্যতম।