আন্তঃৰাষ্ট্ৰীয়

আফগানিস্তান ভূমিকম্প : ৪ সহস্ৰাধিক লোক হতাহত

Asomiya Pratidin

ডিজিটেল ডেস্ক : আফগানিস্তানত হোৱা ভূমিকম্পৰ ফলত প্ৰায় ৪ সহস্ৰাধিক লোক হতাহত হোৱা বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগে জনোৱা অনুসৰি ৬.০২ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত প্ৰায় ২ হাজাৰৰো অধিক ঘৰ-বাৰী ক্ষতিগ্ৰস্ত হৈছে।

উল্লেখ্য যে, শনিবাৰে দেশখন ভূমিকম্প সংঘটিত হৈছিল। যাৰ ফলত ভালেসংখ্যক লোক মৃত্যুৰ মুখত পৰাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। ভূমিকম্পৰ ফলত ভালেসংখ্যক লোক বৰ্তমানেও সন্ধানহীন হৈ আছে।

সেয়ে সংশ্লিষ্ট বিভাগে উদ্ধাৰ অভিযান অৱ্যাহত ৰাখিছে। সম্প্ৰতি আহত আৰু নিহত অৱস্থাত প্ৰায় ৪ সহস্ৰাধিক লোকক উদ্ধাৰ কৰা হৈছে।