কাটাৰৰ সৰ্বোচ্চ ন্যায়ালয়ত আপীল কৰাৰ বাবে ৮ নৌসেনালৈ ৬০ দিনৰ সময়...
কাটাৰৰ সৰ্বোচ্চ ন্যায়ালয়ত আপীল কৰাৰ বাবে ৮ নৌসেনালৈ ৬০ দিনৰ সময়... 
আন্তঃৰাষ্ট্ৰীয়

কাটাৰৰ সৰ্বোচ্চ ন্যায়ালয়ত আপীল কৰাৰ বাবে ৮ নৌসেনালৈ ৬০ দিনৰ সময়...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কাটাৰত কাৰাবন্দী হৈ থকা ভাৰতীয় নৌ সেনাৰ ৮ গৰাকী প্ৰাক্তন নৌ সেনাই দেশখনৰ আদলতৰ ৰায়ৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত আপীল কৰাৰ বাবে ৬০ দিনৰ সময় লাভ কৰিছে। এই সন্দৰ্ভত বিদেশ মন্ত্ৰণালয়ে কয়, কাটাৰত কাৰাবন্দী হৈ থকা ভাৰতীয় নৌ সেনাৰ আঠগৰাকী প্রাক্তন সৈনিকক আপীল আদালতৰ ৰায়ৰ বিৰুদ্ধে দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ত আপীল কৰাৰ বাবে ৬০ দিনৰ সময় দিয়া হৈছে।

নতুন দিল্লীত বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাৰ সময়ত সোধা এটা প্ৰশ্নৰ উত্তৰত বিদেশ মন্ত্রালয়ৰ মুখপাত্র ৰনধীৰ জয়ছোৱালে কয় যে, মন্ত্রালয়ে কাৰাবন্দী হৈ থকা ভাৰতীয়সকলৰ পৰিয়াল আৰু আইনী দলৰ সৈতে সম্পর্ক ৰক্ষা কৰি আছে। এই বিষয়ত পৰৱৰ্তী ব্যৱস্থা সম্পর্কে আইনী দলে সিদ্ধান্ত ল'ব।

জয়ছোৱালে কয় যে, যোৱা মাহত কাটাৰৰ আপীল আদালতে এই লোক কেইজনক প্ৰদান কৰা মৃত্যুদণ্ডৰ শাস্তি লাঘৱ কৰিছিল আৰু তেওঁলোকক ভিন ভিন সময়ৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছিল। বিদেশ মন্ত্রালয়ে লগতে নতুন দিল্লী মহলে লোহিত সাগৰৰ শেহতীয়া পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলি প্রকাশ কৰে।

তেওঁ কয় যে, ভাৰতীয় নৌ সেনাৰ জাহাজে এলেকাটোত তহল দি আছে আৰু অঞ্চলটোৰে অহা-যোৱা কৰা ভাৰতীয় জাহাজৰ ওপৰত নজৰ ৰাখি আছে।