বিমান দুৰ্ঘটনাত আমাজনত সন্ধানহীন ৪ টা শিশুঃ ৪০ দিনৰ পাছত জীৱন্তে উদ্ধাৰ...
বিমান দুৰ্ঘটনাত আমাজনত সন্ধানহীন ৪ টা শিশুঃ ৪০ দিনৰ পাছত জীৱন্তে উদ্ধাৰ... 
আন্তঃৰাষ্ট্ৰীয়

বিমান দুৰ্ঘটনাত আমাজনত সন্ধানহীন ৪ টা শিশুঃ ৪০ দিনৰ পাছত জীৱন্তে উদ্ধাৰ...

Asomiya Pratidin

 ডিজিটেল ডেস্কঃ আমাজন। নানান ৰহস্যৰ পৃষ্ঠভূমি এই আমাজন। এতিয়াও আমাজনৰ ভূমিত পৰা নাই সূৰ্যৰ ৰশ্মি। এই আমাজনক আকৌ কোনোবাই আখ্যা দিছে ৰাক্ষক। নিদিবই বা কিয়?

আমাজনত সহজ নহয় জীৱন যুদ্ধ। পদে পদে মৃত্যু নিশ্চিত। কিন্তু এই আমাজনতেই ৪ টাকৈ শিশুৱে ৪০ দিনকৈ অতিবাহিত কৰি এতিয়া চাঞ্চল্য সৃষ্টি কৰিছে।

আমাজনৰ বিষয়ে জ্ঞান শূন্য, হাবি-জংঘলৰ সৈতে অপৰিচিত এই চাৰিওটা শিশু দুৰ্ঘটনাবসতঃ পৰিছিলগৈ আমাজনৰ বুকত। তাৰ পৰাই আৰম্ভ হৈছিল এই অতব্য অৰণ্যত পদে পদে মৃত্যুৰ সম্ভাৱনাক বুকুত বান্ধি জীৱন যুদ্ধ।

যোৱা ১ মে'ৰ ঘটনা আছিল সেয়া। কলম্বিয়াৰ পৰা উৰা মৰা এখন বিমান দুৰ্ঘটনাবসতঃ পৰিছিলগৈ আমাজানৰ বুকত। এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল বিমানখনৰ পাইলটসহ আন যাত্ৰীসকলে।

উদ্ধাৰকাৰীয়ে এইসকলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল যদিও ৪ টাকৈ শিশু নিৰুদ্দিষ্ট হৈ থাকিল। নিৰুদ্দিষ্ট এই শিশু ৪ টাৰ সন্ধানত উদ্ধাৰকাৰীয়ে আমাজনৰ বুকুত তেতিয়াৰে পৰা চলাই আছিল।

সকলোৱে ধৰি লৈছিল চাৰিওটা শিশুৰে ইতিমধ্যে মৃত্যু হৈছে। তেওঁলোকৰ মৃতদেহ কোনো পশুৱে হয়তো ভক্ষণ কৰিছে। তথাপিও অৱশিষ্ট কিবা এটা উদ্ধাৰ কৰিব পৰাটোৱেই আছিল এই উদ্ধাৰকাৰীসকলৰ শেষ প্ৰচেষ্টা।

আৰু এই প্ৰচেষ্টাৰ ৪০ দিনৰ দিনা তেওঁলোকে একেলগে উদ্ধাৰ কৰিলে নিৰুদ্দিষ্ট সেই চাৰিওটা শিশুক। তাকো জীৱন্তে। স্তম্ভিত হৈ পৰিল তেওঁলোক। এই খবৰ বিয়পি পৰাৰ লগে লগে স্তম্ভিত হৈছে বিশ্ব। কেনেকৈ সম্ভৱ এয়া?

অতব্য অৰণ্য আমাজনত জীৱন যুদ্ধত জয়ী এই চাৰিওটা শিশু। কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেড্ৰোৱে শনিবাৰে জনাইছে এই কথা। তেওঁ কৈছে, বিমান দুৰ্ঘটনাৰ ৫ সপ্তাহৰ পাছত জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে চাৰিওটা শিশুক।

দীৰ্ঘ অনুসন্ধানৰ অন্তত সফলতা লাভ কৰিছে উদ্ধাৰকাৰীয়ে। তেওঁ টুইটাৰত লিখিছে, সমগ্ৰ দেশৰ বাবে এটা ভাল খবৰ। ৪০ দিন পূৰ্বে আমাজানৰ জংঘলত সন্ধানহীন হৈছিল এই চাৰিওটা শিশু। তেওঁলোকক অৱশেষত জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে।

তেওঁ এই পোষ্টটোৰ লগত এখন ফটোও আপলোড কৰিছে। এই চাৰিওটা শিশুক উদ্ধাৰৰ পাছতে তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থাও কৰা হৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰিছে আমাজানৰ দৰে ঘন জংঘলত তেওঁলোকৰ এই জীৱন যুদ্ধ আৰু এই যুদ্ধত জয়ী হোৱাটো এক দৃষ্টান্ত হৈ ৰ'ব।

ইতিহাসে তেওঁলোকক মনত ৰাখিব। আমাজানত জীৱন যুদ্ধৰে জয়ী হোৱা এই চাৰিটা শিশু ক্ৰমে ১৩ বছৰীয়া লেছলি, ৯ বছৰীয়া ছোলেনি, ৪ বছৰীয়া ৰানোক আৰু ৪ বছৰীয়া ক্ৰিষ্টিন।

তেওঁলোকৰ মাতৃ মাগদালেনা, পাইলট আৰু আন এজন ব্যক্তি ১ মে'ত দুৰ্ঘটনাটোত নিহত হৈছিল। ১৬ মে'ত কলম্বিয়াৰ ঘন জংঘলত বিমানখনৰ ধ্বংসাৱশেষ পোৱা গৈছিল। সেই সময়ত পাইলট আৰু শিশু কেইটাৰ মাতৃৰ মৃতদেহ উদ্ধাৰ সম্ভৱ হৈছিল যদিও শিশু চাৰিটাক উদ্ধাৰ কৰিব পৰা নাছিল।