আন্তঃৰাষ্ট্ৰীয়

ম্যানমাৰত সংঘৰ্ষ: ৩৯ জন বিজিপি জোৱানৰ বাংলাদেশত আশ্ৰয়

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢাকাঃ ম্যানমাৰৰ সশস্ত্ৰ উগ্ৰপন্থী গোট আৰাকান আৰ্মীৰ সৈতে সেনাৰ সংঘৰ্ষ। যাৰ বাবে নিজৰ প্ৰাণৰ মমতাত ম্যানমাৰ বৰ্ডাৰ গাৰ্ড পুলিচ(বিজিপি)ৰ ৩৯ জন সদস্যই বাংলাদেশত আশ্ৰয় লয়।

বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ (বিজিবি) জনসম্পৰ্ক বিষয়া শ্বৰিফুল ইছলামে দেওবাৰে সন্ধিয়া এই তথ্য নিশ্চিত কৰে। বিজিপি সদস্যসকলে তেওঁলোকৰ জীৱন বচাবলৈ দেওবাৰে পুৱাৰ পৰা বাংলাদেশত আশ্ৰয় লোৱা আৰম্ভ কৰিছিল।

তেওঁলোকে বাংলাদেশৰ বান্দৰবান জিলাৰ নাইখোংচাৰীৰ টুমব্ৰু সীমান্ত অঞ্চলৰ মাজেৰে বাংলাদেশত প্ৰৱেশ কৰিছিল। বাংলাদেশৰ সীমান্তৱৰ্তী ম্যানমাৰৰ ফালে প্ৰচণ্ড গুলীবৰ্ষণ আৰু বোমাবর্ষণ হৈছিল। ৩ ফেব্ৰুৱাৰীৰ পৰা চলি আছিল এই সংঘৰ্ষ। এই সংঘৰ্ষৰ ফলত ৩জন বাংলাদেশী আহত হোৱা বুলিও জানিব পৰা গৈছে। তেওঁলোক সীমান্তৱৰ্তী তিন গ্ৰামৰ বাসিন্দা।

ইয়াৰ প্ৰতি লক্ষ্য় ৰাখি বাংলাদেশ সীমান্তৰ মাদ্ৰাছাসমূহ বন্ধ কৰি দিয়া হৈছে। ইফালে, বাংলাদেশ সীমান্ত ৰক্ষী বাংলাদেশে (বিজিবি) সীমান্তত নিৰাপত্তা বৃদ্ধি কৰিছে। নিৰাপত্তা চকীসমূহত সদস্যৰ সংখ্যা বৃদ্ধি কৰি টহল বৃদ্ধি কৰা হৈছে।

উল্লেখ্য যে, ম্যানমাৰত সেনা আৰু সশস্ত্ৰ সংগঠন আৰকান আৰ্মিৰ মাজত দীৰ্ঘদিন ধৰি সংঘৰ্ষ চলি আহিছে। এই সংঘৰ্ষত উচ্চ ক্ষমতাসম্পন্ন গোলাবাৰুদ আৰু বিস্ফোৰক ব্যৱহাৰ কৰা হৈছে। এই গোলাবাৰুদ আৰু বিস্ফোৰকৰ প্ৰচণ্ড শব্দৰ বাবে বান্দৰবানৰ নাইখোংচাৰীৰ ঘুমধুমৰ সীমান্ত অঞ্চলত আতংক বিয়পি পৰিছে।

এই সকলো বিষয় সন্দৰ্ভত বাংলাদেশৰ গৃহমন্ত্ৰী আসাদুজ্জমান খান কামালে দেওবাৰে সাংবাদিকৰ আগত কয়, "আমি নাজানো ম্যানমাৰত যুদ্ধ কিমান দিন চলিব। আমি কাকো আমাৰ সীমা অতিক্ৰম কৰিবলৈ অনুমতি নিদিও। আমি আমাৰ বিজিবিক নিৰ্দেশনা দিছো। সীমান্তত আমি শক্তি বৃদ্ধি কৰিছো বুলি উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয়, "আমি আমাৰ সীমান্ত সুৰক্ষা বাহিনীক অৱগত কৰিছো আৰু উপকূলৰক্ষী বাহিনীকো নিৰ্দেশ দিছো যাতে কোনেও কোনো প্ৰকাৰে আমাৰ সীমান্তত প্ৰৱেশ কৰিব নোৱাৰে।