আন্তঃৰাষ্ট্ৰীয়

হেলিকপ্তাৰ দুৰ্ঘটনাত ২২ গৰাকী মাৰ্কিন সেনা আহত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ হেলিকপ্তাৰ দুৰ্ঘটনাত মাৰ্কিন সেনা আহত। দেওবাৰে উত্তৰ-পূব চিৰিয়াত সংঘটিত হৈছিল হেলিকপ্তাৰ দুৰ্ঘটনা।

মঙলবাৰে এক বিবৃতিত প্ৰকাশ কৰে যে, উক্ত ঘটনাৰ ফলত ২২ গৰাকীকৈ মাৰ্কিন সেনা গুৰুতৰভাৱে আহত হয়। আঘাতপ্ৰাপ্ত সেনাৰ ১০ গৰাকী সেনাক উন্নত চিকিৎসাৰ বাবে পঠিওৱা হৈছে বুলি প্ৰশাসনে উল্লেখ কৰে।

গুৰুত্বপূৰ্ণ কথা যে, দেওবাৰে সংঘটিত হোৱা ঘটনাৰ কথা সেনা বাহিনীৰ শীৰ্ষ বিষয়াই বহু পলমকৈ প্ৰকাশ কৰে। বৰ্তমানলৈকে কি কাৰণত হেলিকপ্তাৰ দুৰ্ঘটনাটি হ'বলৈ পালে তাৰ সঠিক উত্তৰ জানিব পৰা হোৱা নাই।

অৱশ্যে ঘটনা সন্দৰ্ভত এক উচ্চস্তৰীয় অনুসন্ধান চলাই থকা বুলি একাংশ সংবাদ সংস্থাত প্ৰকাশ। আনহাতে, দুৰ্ঘটনাৰ সময়ছোৱাত কোনো শত্ৰু পক্ষই গুলিচালনা কৰা নাছিল বুলি শীৰ্ষ বিষয়াই উল্লেখ কৰে।

উল্লেখযোগ্য যে বিগত মাৰ্চ মাহত চিৰিয়াত হোৱা ইৰাণ সমৰ্থিত মিলিছিয়াৰ আক্ৰমণ- প্ৰত্যাক্ৰমণত ২৫ জনকৈ মাৰ্কিন সেনা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।