আন্তঃৰাষ্ট্ৰীয়

আৰম্ভ হ’ল বছৰৰ প্রথমটো সূৰ্যগ্ৰহণ, শেষ হ’ব কেতিয়া….

asomiyapratidin

আৰম্ভ হ'ল বছৰৰ প্রথমটো সূৰ্যগ্ৰহণ, শেষ হ'ব কেতিয়া….

ডিজিটেল ডেস্কঃ ২৬ মে'ত চন্দ্ৰগ্ৰহণৰ পাছত আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে। ১০ জুনৰ দিনা দুপৰীয়া ১ বাজি ৪২ মিনিটত পৰা আৰম্ভ হৈছে আৰু সন্ধিয়া ৬ বাজি ৪১ মিনিটলৈকে চলিব এই সূৰ্যগ্ৰহণ। আমেৰিকাৰ উত্তৰ ভাগ, ৰাছিয়াৰ গ্ৰীণলেণ্ড, উত্তৰ কানাডা, ইউৰোপ, উত্তৰ-পশ্চিম আফ্ৰিকা আৰু এছিয়াৰ পৰা আংশিক ভাবে দেখা দেখা গৈছে এই সূৰ্যগ্ৰহণ।

ভাৰতৰ আকাশতো আংশিক ভাবে দেখা গৈছে গ্ৰহণ। ভাৰতৰ অৰুণাচল প্ৰদেশ আৰু লাডাখৰ কিছু অংশৰ পৰা এই গ্ৰহণ দেখা গৈছে।ভাৰতীয় সময় মতে দিনৰ ১ বাজি ৪২ মিনিটৰ পৰা আৰম্ভ হ'ল গ্ৰহণ । সূৰ্যক সম্পূৰ্ণভাবে প্ৰথম দেখা যাব ৩ বাজি ১৯ মিনিটত।  সম্পূৰ্ণ গ্ৰহণ আৰম্ভ হ'ব ৪ বাজি ১১ মিনিটৰ পৰা আৰু সূৰ্যগ্ৰহণ শেষ হ'ব ৭ বাজি ৩ মিনিটত। আংশিক সূৰ্যগ্ৰহণ শেষ হ'ব ৬ বাজি ৪১ মিনিটত।